২০১২ চনৰ ৭ ফ্ৰেব্ৰুৱাৰীৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ত ‘‘অসমীয়া সাহিত্যত অনুবাদ প্ৰসংগ’’ শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা সত্ৰত (seminar) অংশ ল’বলৈ আমন্ত্ৰণ লাভ কৰিছিলো৷ আমি কোনো মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ লগত জড়িত ব্যক্তি নহওঁ, সেয়ে এই নিমন্ত্ৰণ আমাৰ বাবে আছিল এক কথাত ক’বলৈ হ’লে আচহুৱা ধৰণৰ কথা৷ কিন্তু আয়োজক ডক্টৰ দীপ্তি ফুকন পাটগিৰিয়ে দূৰভাষত হোৱা আলাপত (বিগত ডিচেম্বৰ মাহৰ পহিলাতে) জনালে যে অ-বিদ্যায়তনিক ক্ষেত্ৰখনত থাকি মই যিখিনি কাম কৰি আছো, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিমন্ত্ৰণ৷ গতিকে না- নকৰিলো৷
ডক্টৰ পাটগিৰিয়ে বিষয় নিৰ্বাচনৰ দায়িত্ব মোৰ ওপৰতে ন্যস্ত কৰিলে৷ এই বিষয়ে বিভিন্নজনৰ লগত আলোচনা কৰোতে আৰুণি কাশ্যপে দুখনমান কিতাপ পঢ়াৰ বাবে পৰামৰ্শ দিলে৷ আৰুণিয়ে নিজেও দুখনমান কিতাপৰ যোগান ধৰিলে৷এনে আলোচনা আৰু পঢ়া-শুনাৰ আধাৰত মই বিষয় নিৰ্বাচন কৰিলো ‘অনুবাদৰ ৰাজনীতি আৰু অসমীয়া সাহিত্য’৷
অনুবাদ আৰু ৰাজনীতিৰ সম্পৰ্ক সন্দৰ্ভত বাহিৰত বেচ চিন্তা-চৰ্চা হৈছে যদিও অসমীয়া অনুবাদৰ কোনো আলোচনাত এই বিষয়ে দেখা পোৱা নাই৷ কিন্তু এই সম্পৰ্কীয় শেহতীয়া তত্ত্ব বা চিন্তা- চৰ্চাৰ আলোকত মন কৰিলে দেখা যাব যে অনুবাদৰ ৰাজনীতিৰ পৰা অসমীয়া অনুবাদ সাহিত্যও ঊৰ্ধত নহয়– বৰঞ্চ মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ বা শংকৰদেৱৰ অনুবাদৰ প্ৰসংগতো এনে দৃষ্টিকোণৰ পৰা আলোচনা কৰিব পৰা যায়৷মোৰ গৱেষণা-পত্ৰখনত এনে বিষয়বোৰ ফহিয়াই দেখুওৱাৰ চেষ্টা কৰা হৈছিল৷ কিছু উচ্চবাচ্য যেন শুনালেও মোৰ ধাৰণা, politics in translation in context to Assamese literature বা অসমীয়া সাহিত্যৰ প্ৰসংগত অনুবাদৰ ৰাজনীতি বিষয়ক এয়াই আছিল প্ৰথম আলোচনা৷