অলিম্পিকজয়ী শিল্পী-সাহিত্যিক : Pierre de Coubertin

Olympic-winning artists and authors

0

August 7, 2024 : অলিম্পিকজয়ী কোনো নাট্যকাৰৰ নাটক পঢ়িছেনে? পঢ়িছেনে অলিম্পিকজয়ী কবিতা? শুনিছেনে অলিম্পিকজয়ী গীত?
আজি বহুতৰ বাবে শুনিবলৈ আচহুৱা যেন লাগিব পাৰে—কিন্তু অলিম্পিকত—আধুনিক অলিম্পিকত প্ৰায় অৰ্ধশতাব্দী সাহিত্যৰ বাবেও আছিল পদক৷ জিমনাষ্ট, সন্তৰণবিদ, কিম্বা দৌৰবিদৰ দৰেই—ধনুৰ্বিদ্যা, হকী, ফুটবলত থকাৰ দৰেই সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত আছিল স্বৰ্ণ-ৰৌপ্য-ব্ৰঞ্জ মেডেলৰ ব্যৱস্থা৷ আধুনিক অলিম্পিকৰ পিতৃপুৰুষ পীয়েৰ ড্য কুবেৰটিনৰ আগ্ৰহতেই সাহিত্যত আছিল অলিম্পিক বঁটাৰ ব্যৱস্থা৷ কুবেৰটিনৰ কথা আছিল স্পষ্ট— শৰীৰ আৰু মনৰ উৎকৰ্ষৰ সুযোগ দিয়া হওক অলিম্পিকত৷ এই উদ্দেশ্যেই ১৯০৬ চনত তেওঁ লৈছিল অলিম্পিকত শিল্পৰ বিভিন্ন শাখাৰ প্ৰতিযোগিতাৰ উদ্যোগ৷ সাহিত্যৰ ক্ষেত্ৰত যিকোনো ভাষাৰ পৰাই সৃষ্টি প্ৰেৰণৰ ব্যৱস্থা ৰখা হৈছিল৷ চৰ্ত আছিল তিনিটা৷ প্ৰথম চৰ্ত— এনে সৃষ্টি জড়িত থাকিব লাগিব ক্ৰীড়াক উজ্জ্বীৱিত কৰাৰ বাবে৷ শব্দসংখ্যা হ’ব লাগিব সৰ্বাধিক ২০ হাজাৰ৷ সৰ্বোপৰি, ইংৰাজী অথবা ফৰাচী ভাষাৰ বাহিৰে আন ভাষাৰ পৰা অহা সাহিত্য কৰ্মৰ ক্ষেত্ৰত থাকিব লাগিব সেই সাহিত্য কৰ্মৰ ইংৰাজী কিম্বা ফৰাচী অনুবাদ৷
কুবেৰটিনে উদ্যোগ লোৱাৰ পৰা তাক কাৰ্যকৰী কৰিবলৈ অপেক্ষা কৰিবলগীয়া হৈছিল ছটা বছৰ৷
১৯১২ চনৰ ষ্টকহম অলিম্পিকত প্ৰথমবাৰলৈ অন্তৰ্ভুক্ত হৈছিল সাহিত্য শাখা৷ অৱশ্যে অলিম্পিকৰ পদকজয়ীৰ মাজত নাছিল সাহিত্যৰ কোনো যুগনায়ক৷ চৰ্ত অনুসৰি সৃষ্টি যিহেতু হ’ব লাগিব বিষয় নিৰ্ধাৰিত, আবেদন ভিত্তিক, পুৰস্কৃতৰ তালিকাত অচিনাকি নাম থকাত অস্বাভাৱিকতা নাছিল৷ লক্ষণীয়ভাৱে পীয়েৰ ড্য কুবেৰটিনৰ কবিতা ‘অ’ড টু স্প’ৰ্টেই লাভ কৰিছিল প্ৰথমবাৰৰ স্বৰ্ণ পদক৷ তেওঁ এই কৰ্ম জমা দিছিল ছদ্মনামত৷ কাকো বিবেচনা কৰা হোৱা নাছিল ৰূপ আৰু ব্ৰ’ঞ্জৰ বাবে৷ পাছলৈ সাহিত্যত নাটক, কবিতা আৰু মহাকাব্যিক সৃষ্টিৰ সুকীয়া সুকীয়া শাখাত পদক দিয়াৰ ব্যৱস্থা কৰা হৈছিল৷
7কিন্তু ১৯৪৮তেই শেষ৷ তাৰ পাছত বাতিল কৰা হ’ল অলিম্পিকৰ সাহিত্য শাখা৷
দৰাচলতে সাহিত্যক অলিম্পিকত সুকীয়াকৈ ৰখা হোৱা নাছিল৷ সাহিত্যক অন্তৰ্ভুক্ত কৰা হৈছিল শিল্পৰ এটা অংশ হিচাপে৷ শৰীৰ আৰু মনৰ উৎকৰ্ষৰ লক্ষ্য হিচাপে তন্ময়তাৰ পঞ্চশাখা—পেণ্টাথলন অব দ্য মিউজেছ অন্তৰ্ভুক্ত হৈছিল অলিম্পিকত৷ সেইসূত্ৰেই অলিম্পিকত অন্তৰ্ভুক্ত হৈছিল স্থপতিবিদ্যাৰ শাখাত ‘স্থাপত্য আৰ্হি’ আৰু ‘নগৰ পৰিকল্পনাৰ আৰ্হি’; ভাস্কৰ্যৰ শাখাত ‘পদক’, ‘ৰিলিফ’ আৰু ভাস্কৰ্য; পেইণ্টিঙৰ শাখাত ‘এপ্লাইড গ্ৰাফিক্স, ড্ৰইং এণ্ড ৱাটাৰ কালাৰ, ‘আদাৰ গ্ৰাফিক্স আৰ্ট’ আৰু চিত্ৰশিল্প; সাহিত্যৰ শাখাত নাটক, গীত, কবিতা, মহাকাব্যিক কৰ্ম আদি৷ সংগীতৰো বিভিন্ন শাখাত আছিল প্ৰদান কৰা হৈছিল পদক৷
পৰৱৰ্তীকালত—১৯৪৮ৰ পৰা অলিম্পিকৰ পৰা বাতিল হৈছিল শিল্প শাখাৰ প্ৰতিযোগিতা৷ পেছাদাৰী লোকৰ অংশগ্ৰহণৰ ক্ষেত্ৰত বান্ধি দিয়া প্ৰতিবন্ধকতাই আছিল ইয়াৰ এটা অন্যতম কাৰণ৷ কিন্তু কেইবাগৰাকী খ্যাতিমান শিল্পীয়েই ইতিমধ্যে লাভ কৰিছিল অলিম্পিক পদক৷ অন্যতম আছিল নবেলজয়ী কবি উইলিয়াম বাটলাৰ য়েটছৰ ভাতৃ—আইৰিশ্ব শিল্পী জেক বাটলাৰ য়েটছ আৰু লুক্সেমবাৰ্গৰ জঁ জেকবী৷ ১৯২৪ত চিত্ৰশিল্পত আৰু ১৯২৮ত ড্ৰইং-ৱাটাৰ কালাৰত স্বৰ্ণজয় কৰিছিল জেকবীয়ে৷ য়েটছে ১৯২৪ত চিত্ৰশিল্পত লাভ কৰিছিল ৰূপ৷
এৰা—যিখন মঞ্চৰ পৰা চমক সৃষ্টি কৰিছিল একো একোজন কাৰ্ল লিৱিছ, জেট’পেক, নাদিয়া কমানেচি বা মাইকেল ফেল্পছে, সেই মঞ্চতে উঠি শিল্পী-সাহিত্যিকেও গ্ৰহণ কৰিছিল সোণ-ৰূপ-ব্ৰঞ্জৰ পদক৷
আজি পিছে অনেকৰ বাবেই এয়া বিস্মৃতিৰ গৰ্ভত৷ হয়তো অলিম্পিকৰ অনেক আয়োজকৰ বাবেও৷