August 7, 2024 : ১৯৬৮ চন৷ তেতিয়াৰ চেকোশ্ল’ভাকিয়াৰ ৰাজধানী চহৰ প্ৰাগ৷
আগষ্ট মাহ, অলিয়ে গলিয়ে বিচৰণ কৰিছে ছোভিয়েট ৰাছিয়াৰ টেংক বাহিনী৷
চেকোশ্ল’ভাকিয়াৰ কমিউনিষ্ট প্ৰশাসনে গ্ৰহণ কৰিব খোজা উদাৰ নীতিৰ বিৰুদ্ধে দেশখনলৈ সোমাই আহিছিল ছোভিয়েট সেনা৷ ৰাজপথত অনুপ্ৰৱেশকাৰী শক্তিৰ বিৰুদ্ধে উচ্চস্বৰে ভাষণ দিয়াত লাগিছিল এজন মধ্যবয়স্ক কেশহীন লোক৷
ৰুক্ষ ৰুছ প্ৰশাসনে এনে প্ৰতিবাদ সহ্য কৰাৰ প্ৰশ্নই নুঠে৷ এই গুৰু অপৰাধত আন দহজন লোকক নিৰ্দ্বিধাই ভূপতিত কৰিলেহেঁতেন ছোভিয়েট বাহিনীয়ে৷ কিন্তু এইজন আন দহজনৰ দৰে নাছিল৷ এওঁ আছিল দেশখনৰ সবাতোকৈ প্ৰসিদ্ধ ব্যক্তি৷ অলিম্পিকৰ ইতিহাস ৰচনাৰে এওঁ চেকোশ্লাভেকিয়াৰে নহয়—কাৰ্যতঃ গ্ৰহটোৰেই আছিল প্ৰসিদ্ধ পুৰুষ৷ গুলী নহয়—তেওঁৰ বিৰুদ্ধে আৰোপ হ’ল নিভৃতবাসৰ নিৰ্দেশ৷
কাৰ্ল লিৱিছ যদি অলিম্পিকৰ হ্ৰস্ব দূৰত্বৰ মুকুটবিহীন ৰজা, তেন্তে এমিল জেট’পেক দীৰ্ঘ দূৰত্বৰ সম্ৰাট৷ একেখন অলিম্পিকত ৫,০০০ মিটাৰ, ১০,০০০ মিটাৰ আৰু মাৰাথনৰ স্বৰ্ণজয়ৰ তেওঁৱেই একাকী গৰাকী৷
দীৰ্ঘ দূৰত্বৰ দৌৰক কোৱা হয় ট্ৰেক এণ্ড ফিল্ডৰ ধ্ৰুপদী ক্ৰীড়া ৷
১৯৫২ৰ হেলছিংকি অলিম্পিকত ধ্ৰুপদী ক্ৰীড়াত ত্ৰিমুকুট অৰ্জন কৰিছিল জেট’পেকে৷ মাত্ৰ ৮ দিনৰ ব্যৱধানত জয় কৰিছিল ক্ৰমে ১০ হাজাৰ মিটাৰ, ৫ হাজাৰ মিটাৰ আৰু মাৰাথনৰ স্বৰ্ণ৷ তাৰ ৪ বছৰৰ পূৰ্বে লণ্ডন অলিম্পিকত জয় কৰিছিল ১০ হাজাৰ মিটাৰৰ স্বৰ্ণ, ৫ হাজাৰ মিটাৰৰ ৰূপ৷ আজিৰ যিকোনো দৌৰবিদৰ বাবে কল্পনাৰ অগোচৰ—১৯৪৯ৰ পৰা ১৯৫১ৰ সময়ছোৱাত তিনি বছৰতে ৬৯টা দীৰ্ঘ দূৰত্বৰ দৌৰত অৱতীৰ্ণ হৈছিল এই চেক দৌৰবিদ৷ কোৱা বাহুল্য, প্ৰত্যেক প্ৰতিযোগিতাতে জেট’পেক আছিল অপ্ৰতিৰোধ্য৷
অথচ এক নিচলা পৰিয়ালৰ এই সন্তানে শৈশৱ-কৈশোৰ অতিক্ৰম কৰিবলগীয়া হৈছিল দুৰ্ভিক্ষৰ মাজেৰে৷ খাবলৈ নোপোৱা নিশকটীয়া শৰীৰ— কৈশোৰতে বাধ্য হৈ বাচি লৈছিল জীৱিকা অৰ্জনৰ পথ৷ ওপজা ঠাইৰ পৰা ৭০ কিলোমিটাৰৰো দূৰৈত বাটা কোম্পানীৰ এটা কাৰখানাত কৰিবলৈ লৈছিল এটি সৰু চাকৰি৷
তাতেই এদিন ঘটিছিল আপাতদৃষ্টিত সৰু, কিন্তু ক্ৰীড়াক্ষেত্ৰৰ ইতিহাসত বিশাল প্ৰভাৱ বিস্তাৰ কৰা এটি ঘটনা৷
কাৰখানাটোৰ এজন লোকৰ ৰুক্ষতা অথবা নিৰ্দোষ ধেমালি আছিল সেয়া৷ কেইজনমান যুৱ কৰ্মীক দিছিল দৌৰাৰ নিৰ্দেশ৷
মোৰ শৰীৰ নিশকটীয়া, দৌৰা অসম্ভৱ— উত্তৰ দিছিল কিশোৰ জেট’পেকে৷
কাষতে থকা কাৰখানাটোৰ চিকিৎসকে কৈছিল— দৌৰাৰ বাবে সম্পূৰ্ণ সক্ষম এই কিশোৰ৷
জেট’পেক বাধ্য হৈছিল৷
কেতিয়াও দৌৰি পোৱা নাছিল কিশোৰটিয়ে৷ এইবাৰ আৰম্ভ হ’ল দৌৰ৷ জীৱনৰ সেই প্ৰথম দৌৰতে কিছুদূৰ আগুওৱাৰ পাছত তেওঁৰ মনলৈ আহিছিল, আৰম্ভ কৰিছোঁ যেতিয়া জিকিবই লাগিব৷
বিজয় সম্ভৱ হোৱা নাছিল— দ্বিতীয় হৈ সামৰিছিল কিশোৰজনে৷
কিন্তু সেই দৌৰেই জন্ম দিলে ভৱিষ্যতৰ এজন কিম্বদন্তি দৌৰবিদক৷
এমিল জেট’পেকক৷
নিশকটীয়া দেহাৰ পৰা শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ দীৰ্ঘ দূৰত্বৰ দৌৰবিদ হোৱাৰ আঁৰত জড়িত আছিল কেনে অমানুষিক সাধনা…
গেধেমা জোতাৰে অনায়াসে দৌৰাৰ চেষ্টা কৰিছিল জেট’পেকে৷ পাছত প্ৰকৃত দৌৰৰ পৰত পৰিধান কৰা জোতা যাতে অতি পাতল যেন অনুভৱ হয়, তাৰ বাবেই আছিল এনে প্ৰয়াস৷ দৌৰিছিল বাহু দাঙি৷ বতাহৰ বিপৰীতে৷ আন কেতিয়াবা কৰিছিল ২০০ মিটাৰৰ ৫০টা প্ৰয়াস৷
ফলো পাইছিল কম দিনতেই৷
এঘণ্টাৰ কম সময়ত ২০ হাজাৰ মিটাৰ অতিক্ৰম কৰা তেঁৱেই প্ৰথম৷
১০ হাজাৰ, ২০ হাজাৰ, ৩০ হাজাৰতো অনেকবাৰ ভাঙিলে নিজৰেই অভিলেখ৷
হেলছিংকিত অন্তিম মুহূৰ্তত লৈছিল মাৰাথনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত৷ তেতিয়ালৈ চাৰিদিনৰ ভিতৰত ১০ হাজাৰ আৰু ৫ হাজাৰৰ মুকুট পৰিধান কৰিছিল জেট’পেকে৷ মাৰাথানত জয়ী হৈ যেতিয়া সম্ভৱ কৰিলে ত্ৰিমুকুট, তেতিয়ালৈ ইউৰোপৰ পৰিধি ভাঙি আফ্ৰিকা-অষ্ট্ৰেলিয়া-এছিয়া-আমেৰিকাজুৰি ফাটিফুটি গৈছিল ধ্ৰুপদী ক্ৰীড়াৰ শিল্পীৰ নাম৷
৭২ বছৰ পাৰ হৈছে হেলছিংকি অলিম্পিকৰ৷ বহু অভিলেখ নোহোৱা হৈছে অলিম্পিকৰ৷ জেট’পেকৰ কীৰ্তি কিন্তু আজিও অম্লান৷
ক’বই নালাগে, বিশ্বৰ সৰ্বাধিক চৰ্চিত ব্যক্তিত পৰিণত হৈছিল এমিল জেট’পেক ৷ চেকশ্লাভেকিয়াত তেওঁৰ অৱস্থাটো একমেবাদ্বিতীয়ম৷ অথচ মানুহৰ মাজত থাকি ভাল পোৱা, বিংশ শতিকাৰ মধ্যভাগত এই গ্ৰহৰ সৰ্বাধিক জনপ্ৰিয় ব্যক্তিজন ছোভিয়েটপন্থী শাসকৰ বাবে জীৱনৰ শেষৰ এছোৱা কটাবলগীয়া হৈছিল নিৰ্জনতাৰ মাজত৷
জীৱনৰ কৰুণ কৌতুক আৰু কি হ’ব পাৰে?
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিয়ান : Emil Zatopek
The greatest Olympian of times