August 7, 2024 : ১৯৮৭ চন, পিতৃবিয়োগ ঘটিছে খেলুৱৈজনৰ৷
সমাধিস্থ কৰিবলৈ ওলোৱা পিতৃৰ হাতত খেলুৱৈজনে গুজি দিলে স্বৰ্ণ পদক৷
অলিম্পিকত অৰ্জন কৰা স্বৰ্ণ পদক৷
বিব্ৰত মাকক খেলুৱৈজনে ক’লে : চিন্তা নকৰিবা, মই আন এটা আনিম!
.
এসময়ৰ বিশ্বৰ দ্ৰুততম মানৱ কাৰ্ল লিৱিছৰ কাহিনী বিভিন্ন ধৰণে আৰম্ভ কৰিব পাৰি৷ ক’ব পাৰি ১৯৮০ৰ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিও সেইবাৰৰ মস্কো অলিম্পিক আমেৰিকাই বৰ্জন কৰাৰ বাবে খেলিব নোৱাৰাৰ কথাৰে৷ আৰম্ভ কৰিব পাৰি ১৯৮৪ত ৪টাকৈ স্বৰ্ণজয়ৰ পাছতো পৰ্যাপ্ত গুৰুত্ব নোপোৱাৰ কথাৰে৷ আৰম্ভ কৰিব পাৰি খেলুৱৈ জীৱনক নিৰন্তৰ বিতৰ্কই খেদি থকাৰ কথাৰে৷
.
অথচ অলিম্পিকৰ কিম্বদন্তী এথলীট জেছি অৱেন্সৰ সৈতেই তুলনা কৰা হয় কাৰ্লক৷ অলিম্পিকৰ ট্ৰেক এণ্ড ফিল্ডত ৯টাকৈ স্বৰ্ণসহ ১০টা অলিম্পিক মেডেল লাভ কৰা লিৱিছ অলিম্পিকৰ ভিতৰে বাহিৰে সুদীৰ্ঘকাললৈ লং জাম্পৰ আছিল অপ্ৰতিৰোধ্য নায়ক৷ ১৯৮১ৰ পৰা ১৯৯০ৰ দশকৰ আগভাগলৈকে দহ বছৰৰো ওপৰ কাল ক্ৰমাগত ৬৫বাৰ বিজয়ী হৈছিল লং জাম্পৰ বিভিন্ন প্ৰতিযোগিতাত৷ ১০০ মিটাৰ, ২০০ মিটাৰ আৰু লং জাম্পত এই সময়ছোৱাৰ বিশ্বক্ৰমৰ শীৰ্ষস্থান আছিল প্ৰায় কাৰ্লৰ দখলতেই৷
.
১৯৮০ৰ অলিম্পিকৰ সময়ত কাৰ্ল লিৱিছৰ বয়স ১৯ বছৰ৷ তাৰ আগতেই লং জাম্পত বিশ্বৰ ৫ নং শীৰ্ষস্থানত উপনীত হৈছিল এই যুৱ খেলুৱৈ৷ ২৬ ফুট ৮ ইঞ্চি জাপেৰে ভংগ কৰিছিল বিদ্যালয় অভিলেখ৷ হ্ৰস্ব দূৰত্বৰ দৌৰতো প্ৰদৰ্শন কৰিছিল চমকপ্ৰদ সাফল্য৷ অনেকেই তেওঁক তুললা কৰিছিল কিম্বদন্তী জেছি অৱেন্সৰ সৈতে৷ কাৰ্লক কোৱা হৈছিল, ভৱিষ্যতৰ জেছি অৱেন্স৷
.
জেছি অৱেন্স মানে অলিম্পিকৰ এক সম্ভ্ৰম আদায় কৰা নাম৷ জেছি অৱেন্স মানে ১৯৩৬ৰ বাৰ্লিন অলিম্পিকত হিটলাৰৰ দৰ্পহাৰী নাম৷
বাৰ্লিনত ট্ৰেক এণ্ড ফিল্ডৰ ৪টাকৈ ইভেণ্টত স্বৰ্ণজয় কৰিছিল অৱেন্সে৷
সকলোৱে আশা কৰিছিল, মস্কোত অৱেন্সক স্পৰ্শ কৰিব কাৰ্লে৷
কিন্তু ছোভিয়েত ৰাছিয়াৰ আফগান আগ্ৰাসনৰ প্ৰতিবাদত আমেৰিকাই বৰ্জন কৰিছিল ১৯৮০ৰ মস্কো অলিম্পিক৷ ফলত এই বিশ্ব মঞ্চত পদাৰ্পনৰ বাবে কাৰ্ল লিৱিছে অপেক্ষা কৰিবলগীয়া হৈছিল ১৯৮৪ চনলৈ৷
.
১৯৮৪ৰ লছ এঞ্জেলেছ অলিম্পিক যথাৰ্থতেই আছিল কাৰ্ল লিৱিছৰ নামত৷ ১৯৩৬ত জেছি অৱেন্সে যিকেইটা ইভেণ্টত স্বৰ্ণজয় কৰিছিল, সেইকেইটা ইভেণ্টতে কাৰ্ল লিৱিছে জয় কৰিলে স্বৰ্ণ৷
.
১০০ মিটাৰ, ২০০ মিটাৰ, ৪ X ১০০ মিটাৰ আৰু লং জাম্প৷
.
তথাপি— কিম্বদন্তী এথলীটক এইদৰে স্পৰ্শ কৰাৰ পাছতো কাৰ্লে নাপালে যোগ্য সম্ভাষণ৷ নাইকি কোম্পানীয়ে ভংগ কৰিলে কাৰ্লৰে চুক্তি৷ অলিম্পিকৰ পূৰ্বে কোকাকোলাই চুক্তি স্থাপন কৰিব বিচাৰিও অলিম্পিকৰ পাছত পৰিত্যাগ কৰিছিল পূৰ্বৰ সিদ্ধান্ত৷
.
হতাশ হৈছিল কাৰ্ল৷ আনকি সহখেলুৱৈৰ পৰাও পোৱা নাছিল যথাযোগ্য সঁহাৰি৷
.
দৰাচলতে কেইবাটাও বিতৰ্কই জোকাৰি গৈছিল কাৰ্লৰ পদকপ্ৰাপ্তিত৷ লং জাম্পত কাৰ্লৰ সাফল্যক সন্দেহৰ চকুৰে চাই তেওঁৰ কৌশলৰ বিসংগতিলৈ আঙুলিওৱা হৈছিল৷ বিশেষজ্ঞই খুঁত উলিয়াব পৰা নাছিল৷ স্কুলীয়া দিনত পোৱা আঘাতৰ বাবেই ১৯৭৯তে জঁপিওৱাৰ কৌশল সলনি কৰিছিল লিৱিছে৷ সেই বিসংগতি ১৯৮৪ত ধৰা পৰিবলৈ বাকী থাকেনে?
.
বিতৰ্কৰ কাৰণ পিছে আৰু আছিল৷
.
তেওঁৰ বেশভূষাৰ বাবে লিৱিছৰ পৌৰুষত্বক লৈও উঠিছিল প্ৰশ্ন৷ লিৱিছৰ এজেণ্টে এই দৌৰবিদক অযথা মাইকেল জেকছনৰ সৈতে তুলনা কৰিও বঢ়াই তুলিছিল যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ অসন্তুষ্টি৷
বিতৰ্কৰ উত্তৰ দিয়াৰ বাবে ক্ৰীড়াৰ মঞ্চকেই অৱশ্যে বাচি লৈছিল লিৱিছে৷ পিতৃ আছিল উদ্দীপনাৰ জোৰ লৈ৷ সেইপথতে পৰৱৰ্তী সময়ছোৱাত ভঙা-গঢ়া কৰিলে অনেক অভিলেখ৷ প্ৰতিদ্বন্দ্বিতাও সমানেই আহিছিল৷ লছ এঞ্জেলেছৰ ১০০ মিটাৰৰ ব্ৰঞ্জজয়ী বেন জনছনৰ পৰাই আহিছিল সবাতোকৈ সবল প্ৰত্যাহ্বান৷ আৰু এনেদৰেই ১৯৮৮ৰ ছিউল অলিম্পিকত নামিল কাৰ্ল৷
.
ছিউলৰ ১০০ মিটাৰত কাৰ্লে উত্তৰণ ঘটাইছিল চাৰি বছৰৰ আগৰ টাইমিং৷ তথাপি তেওঁক অৱলীলাক্ৰমে অতিক্ৰম কৰি গ’ল কানাডাৰ বেন জনছনে৷ গঢ়িলে নতুন অভিলেখ৷ নৱতম দ্ৰুততম মানৱক লৈ যেতিয়া উচ্ছসিত বিশ্ব, তেতিয়াই ডপ টেষ্টত পজিটিভ হৈ পদক হেৰুৱাবলগীয়া হ’ল কানাডিয়ান দৌৰবিদে৷ সেই পদক অৰ্পন কৰা হ’ল কাৰ্লক৷ লং জাম্পতো স্বৰ্ণজয়ৰে এই ইভেণ্টত ক্ৰমাগত দুবাৰ অলিম্পিকজয়ী একমাত্ৰ এথলীটত পৰিগণিত হৈছিল কাৰ্ল৷
.
দুবাৰ নহয়—পাছলৈ ৪ বাৰ৷
.
১৯৯২ৰ বাৰ্চিলোনা আৰু ১৯৯৬ৰ আটলাণ্টাতো স্বৰ্ণজয়ী লংজাম্পাৰ আছিল এই কিম্বদন্তী৷ অথচ ১৯৯৬ত ৩৫ বছৰীয়া কাৰ্ল লিৱিছে অংশগ্ৰহণ কৰাটোৱেই আছিল বিষ্ময়৷ পিছে ট্ৰেক এণ্ড ফিল্ডৰ ‘ৰজা’ৰ বাবে বয়স জানো বাধা হ’ব পাৰে?
.
কাৰ্ল লিৱিছ যথাৰ্থতেই কিং৷ কিং কাৰ্ল৷ ৯টা স্বৰ্ণসহ ১০টা পদক যিকোনো অলিম্পিয়ানৰ বাবেই স্বপ্নাতীত৷ কিং বাবেই কাৰ্লৰ সেয়া আছিল অনায়াসলব্ধ৷
.
১৯৯৭ত অৱধাৰিতভাৱেই কাৰ্ল লিৱিছলৈ আহিছিল ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ শতাব্দীৰ ক্ৰীড়াবিদৰ স্বীকৃতি ৷ কিন্তু কেৱল জানো শতাব্দীৰ?
কাৰ্ল ইতিহাসৰেই জানো শ্ৰেষ্ঠ ক্ৰীড়াবিদ নহয়?
অলপ ভুল হ’ল৷ কাৰ্ল লিৱিছ নিজেইতো ইতিহাসস্ৰষ্টা– বহুমুখি প্ৰতিভাৰ সংজ্ঞা৷