অলিম্পিকৰ খাদ্যত পোক!

Adam Peaty was the first to say he found worms in his food.

0

August 7, 2024 : ব্ৰিটেইনৰ সাঁতোৰবিদ আদাম পিটি বিশ্বতে বিখ্যাত৷ ব্ৰেষ্ট ষ্ট্ৰোকৰ এশ মিটাৰৰ বিশ্ব অভিলেখ আছে পিটিৰ নামত৷ ২০১৬ৰ অলিম্পিকত এই ইভেণ্টত স্বৰ্ণজয় কৰি এনে খিতাপ অৰ্জন কৰা প্ৰথম ব্ৰিটিছ সন্তৰণবিদত পৰিগণিত হয় আদাম পিটি৷ পৰৱৰ্তী অলিম্পিকতো একে ইভেণ্টত স্বৰ্ণজয় কৰিছে পিটিয়ে৷ সেই সন্তৰণবিদে তুলিছে ভয়ংকৰ অভিযোগ৷ পেৰিছ অলিম্পিকত খেলুৱৈক দিয়া খাদ্য নিম্নমানৰ বুলি মত প্ৰকাশ কৰিছে এইজন সাঁতোৰবিদে৷ তেওঁৰ মতে পোক পোৱা গৈছে অলিম্পিকৰ খাদ্যত৷ আনকি উপযুক্ত প্ৰটিনৰ পৰিমাণো কম বুলি অভিযোগ উঠিছে এনে খাদ্যত৷ পেৰিছ অলিম্পিকক লৈ আদাম পিটিৰ মন্তব্যই স্বাভাৱিকতে সৃষ্টি কৰিছে আন এক চাঞ্চল্যৰ৷