ক্ৰমাগত পাঁচটা সোণ! ফেল্পছ-লিৱিছকো অতিক্ৰম : Mijaín López

Cuban wrestling legend Mijaín López makes history with fifth consecutive gold

0

August 7, 2024 : অলিম্পিকত ইতিহাস গঢ়িলে মিহাইন লোপেজে৷ এনে এক মাইলৰ খুটি, কিম্বদন্তী এথলীট কাৰ্ল লিৱিছেও যিটো স্পৰ্শ কৰিব পৰা নাছিল৷ মাইকেল ফেল্পছে জয় কৰিছিল অলিম্পিকৰ ২৩ টা স্বৰ্ণ পদক৷ সেই ফেল্পছৰো নাই এনে কৃতিত্ব৷ এক কথাত অসামান্য৷ কিন্তু কি এই অভিলেখ?

একেটা ইভেণ্টত ক্ৰমাগত পঞ্চমবাৰলৈ স্বৰ্ণ জয় কৰিলে এই এথলীটে৷ অলিম্পিকৰ ইতিহাসত এয়ে প্ৰথম কোনো এথলীটে ক্ৰমাগত পঞ্চমবাৰলৈ লাভ কৰিলে স্বৰ্ণ৷ কিউবাৰ ৪২ বছৰীয়া মিহাইন লোপেজে মঙলবাৰে ১৩০ কিলোগ্ৰাম গ্ৰেকো ৰোমান ৰেষ্টলিঙত স্বৰ্ণজয় কৰি গঢ়িলে এই অভিলেখ৷ ২০০৪ চনত এথেন্স অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হোৱাৰ বাহিৰে বিগত কোনোখন অলিম্পিকত কেতিয়াও এখনো মেচত পৰাজিত হোৱা নাই৷ ২০২০ৰ টকিঅ’ অলিম্পিকত ক্ৰমাগত চতুৰ্থবাৰলৈ ১৩০ কিলোগ্ৰাম গ্ৰেকো ৰোমান ৰেষ্টলিঙত স্বৰ্ণজয়ৰ পাছত অৱসৰ লৈছিল লোপেজে৷ কিন্তু তিনিবছৰ মল্লযুঁজৰ বাহিৰত থাকিও আৰু চাৰিবাৰকৈ মেৰুদণ্ডৰ সমস্যাত ভোগাৰ পাছতো মঙলবাৰে ১৩০ কিলোগ্ৰাম গ্ৰেকো ৰোমান ৰেষ্টলিঙত স্বৰ্ণজয় কৰি কাললৈ অলিম্পিকত নাম ৰাখিলে এইজন মল্লযুঁজাৰুৱে৷ অতিক্ৰম কৰি গ’ল লিৱিছ, ফেল্পছৰ দৰে কিম্বদন্তীক৷