ডিব্ৰুগড়ৰ বাণীপুৰত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড ৷ নিজ ঘৰতেই মাতৃক পুত্ৰই হত্যা কৰাৰ অভিযোগ ৷ অভিযুক্ত পুত্ৰৰ নাম শংকৰজ্যোতি গগৈ। শংকৰজ্যোতি গগৈৰ বিৰুদ্ধে নিজ মাতৃক হত্যা কৰাৰ অভিযোগ ৷ ডিব্ৰুগড়ৰ বাণীপুৰস্থিত ১১ নং বাইলেনত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা।
নিজ বাসগৃহৰ ভিতৰতেই মাতৃক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ লগতে আৰক্ষীৰ । মৃত মহিলাগৰাকীৰ নাম পূৰ্ণিমা গগৈ বুলি জানিব পৰা গৈছে । নিশাই ঘটনাস্থলীত উপস্থিত হয় গাভৰুপথাৰ থানাৰ আৰক্ষী ৷ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰে ৷ বৰ্তামান আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।