নীৰজক হৰুওৱা নাদিমৰ গুৱাহাটীৰে সম্পৰ্ক

Arshad Nadeem, Pakistani javelin thrower who broke the Olympic record

0

নীৰজক চোপ্ৰাৰ লগতে ১৫০ কোটি ভাৰতীয়ৰ স্বপ্ন ভংগ কৰি জেভলিনত অলিম্পিক ৰেকৰ্ড গঢ়া পাকিস্তানৰ আৰ্শ্বাদ নাদিমৰ গুৱাহাটীৰ সৈতে আছে আৱেগিক সম্পৰ্ক৷

Arshad Nadeem

অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জনৰ পাছত নাদিমে নিজে ল’লে গুৱুহাটীৰ নাম৷ এৰা—এই গুৱাহাটীতেই আৰম্ভ হৈছিল নাদিমৰ আন্তৰ্জাতিক কেৰিয়াৰৰ যাত্ৰা৷ ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত হৈছিল ছাফ গেমছ৷ ছাউথ এছিয়ান ফেডাৰেশ্যন গেমছৰ জেভলিন থ্ৰ’তেই জীৱনৰ প্ৰথম আন্তৰ্জাতিক পদক লাভ কৰিছিল নাদিমে৷ সেইবাৰ নাদিমে ৭৮.৩৩ মিটাৰৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক৷ নীৰজ চোপ্ৰাই ৮২.২৩ মিটাৰৰে লাভ কৰিছিল স্বৰ্ণ৷ ৰূপ জয় কৰিছিল শ্ৰীলংকাৰ সুমেড়া ৰণসিংঘেই৷ 

Neeraj Chopra

ডিঙিত গামোছা পিন্ধি তিনিও পদক লোৱাৰ এই ফটোখন স্বাভাৱিকতে চৰ্চালৈ আহিছে৷