শীতকাল অহাৰ বাবে অযোধ্যাৰ ৰাম মন্দিৰত কৰা হৈছে বিশেষ ব্যৱস্থা ৷ ৰাম লালাৰ বাবেও ৰাম মন্দিৰত কৰা হৈছে বিশেষ ব্যৱস্থা । ২০ নৱেম্বৰৰ পৰা ৰামলালাক পিন্ধোৱা হ’ব গৰম কাপোৰ। ইয়াৰ সমান্তৰালকৈ ৰামলালাৰ ভোগ ইত্যাদিৰো সাল-সলনি কৰাৰ চলি আছে প্ৰস্তুতি ।
উল্লেখ্য যে ২০ নৱেম্বৰৰ পৰা গৰম কাপোৰ পিন্ধোৱাৰ লগতে গৰম খাদ্য অৰ্পণ কৰা হ’ব ৷ ৰামলালাক খাদ্য অৰ্পণ কৰাৰ সময়ত ঠাণ্ডা খাদ্য সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰা হ’ব ৷ ৰাম লালাৰ অভিষেকৰো আৰম্ভণি কুহুমীয়া পানীৰে কৰা হ’ব ৷ শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসে এই কথা জানিবলৈ দিয়ে ৷
মুখ্য পুৰোহিত শীতকাল বাঢ়ি অহাৰ লগে লগে আমাৰ খাদ্যভাস আৰু কাপোৰৰ পৰিৱৰ্তন ঘটে ৷ ঠিক তেনেদৰে ভগৱান ৰাম লালাৰ ভোগ আৰু কাপোৰৰ পৰিৱৰ্তন হ’ব। পুৰোহিত আচাৰ্য সত্যেন্দ্ৰ দাসেও এই কথা আগবঢ়াই ৷
ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম অন্তিম পৰ্যায়ত চলি আছে। অতি শীঘ্ৰেই সম্পূৰ্ণৰূপে সাজু হ’ব ৰাম মন্দিৰ । চলিত বৰ্ষত ৰাম মন্দিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল। সেই সময়ৰ পৰাই ৰাম লালাক ৰাম মন্দিৰত স্থাপন কৰা হৈছিল। তেতিয়াৰ পৰাই অযোধ্যালৈ সোঁত বৈছে অগনণ ভক্তৰ ৷