বিশ্বত যুদ্ধ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, বৰঞ্চ যুদ্ধ বঢ়াৰ হে আশংকা

0

বিশ্বত যুদ্ধ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, বৰং বঢ়াৰ আশংকাহে সৃষ্টি হৈছে । আমেৰিকাই আকৌ এবাৰ সাম্ৰাজ্যবাদী চৰিত্ৰ প্ৰকাশ কৰাত তেনে আশংকাত কঁপিছে বিশ্ব।

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইলৰ তিনিটাকৈ ‘ফ্ৰণ্ট’ত চলি থকা যুদ্ধৰ অৱসান ঘটিব বুলি আশা কৰা হৈছিল যদিও সেয়া ক্ৰমাৎ দুৰাশাত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে ৷ কিয়নো ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পাছতে আনৰ যুদ্ধ বন্ধ কৰিবলৈ দৌত্য আৰম্ভ কৰা স্বয়ং ট্ৰাম্পে আমেৰিকাৰ ভৌগোলিক আৰু বাণিজ্যিক সীমা বৃদ্ধি কৰাৰ বাবে ৪খনকৈ দেশৰ ওপৰত সামৰিক শক্তি প্ৰয়োগৰ হুংকাৰ দিছে ৷

প্ৰথমটো কাৰ্যকালত ‘আমেৰিকা ফাৰ্ষ্ট’ বুলি দেশৰ ভিতৰতে সীমাৱদ্ধ থাকি জাতীয়তাবাদৰ ঢৌ তোলা ড’নাল্ড ট্ৰাম্পে এইবাৰ বৃহত্তৰ আমেৰিকা নিৰ্মাণৰ বাবে ভয়ংকৰ কেতবোৰ পদক্ষেপ ল’বলৈ আগবাঢ়িছে ৷ তাৰ বাবে তেওঁ সামৰিক শক্তি প্ৰয়োগ কৰাতো কুণ্ঠিত নহয় বুলি নিজমুখে মন্তব্য কৰিছে ৷

অহা ২০ জানুৱাৰীত আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব ল’বলগীয়া ড’নাল্ড ট্ৰাম্পে পানামা খাল আৰু গ্ৰীনলেণ্ড দখল কৰি আমেৰিকাৰ বাণিজ্যিক আৰু ভৌগোলিক সীমা সম্প্ৰসাৰণ কৰিব বুলি হুংকাৰ দিছে ৷ একে সময়তে তেওঁ প্ৰতিবেশী দেশ কানাডাক আমেৰিকাৰ ৫১ সংখ্যক প্ৰদেশত পৰিণত অৰ্থাৎ অংগৰাজ্য কৰা আৰু মেক্সিকো উপসাগৰৰ নাম আমেৰিকা উপসাগৰ কৰিব বুলি মন্তব্য কৰিছে ৷

কানাডাক অংগৰাজ্য কৰিব বুলি কৰা মন্তব্যৰ বাহিৰে আন তিনিটা পদক্ষেপৰ ক্ষেত্ৰত ড’নাল্ড ট্ৰাম্প বদ্ধপৰিকৰ বুলিও চৰ্চা হৈছে ৷ যদিহে আমেৰিকাই বলপূৰ্বক পানামা খাল দখল কৰে, তেন্তে এই খালেৰে দ্বিতীয় সৰ্বাধিক বাণিজ্যিক জাহাজ চলাচল কৰা চীন  মনে মনে বহি নাথাকিব ৷ কম-বেছি পৰিমাণে আপত্তি আহিব ৰাছিয়াৰ পৰাও ৷ বিশ্বৰ আন আন অ-আমেৰিকাপন্থী দেশেও তেনে দখলদাৰী মানি ল’বলৈ টান পাব ৷ আনহাতে উপৰিভাগত কেৱল বৰফ ভৰি খাকিলেও অভ্যন্তৰত তেল আৰু খনিজ সম্পদ থকা গ্ৰীনলেণ্ড এতিয়া ডেনমাৰ্কৰ কতৃৰ্ত্বাধীন ৷ অৱশ্যে গ্ৰীনলেণ্ড এখন স্বায়ত্বশাসিত দেশ হিচাপে স্বীকৃত ৷ মেৰু সাগৰ আৰু উত্তৰ আটলাণ্টিক সাগৰৰ মাজত অৱস্থিত গ্ৰীনলেণ্ড আমেৰিকাৰ বাবে মহাকাশ নিৰীক্ষণ আৰু ক্ষেপনাস্ত্ৰৰ ঘাটি হিচাপে যুদ্ধকৌশলগত দিশৰ পৰা গুৰুত্বপূৰ্ণ ৷

আমেৰিকাৰ কংগ্ৰেছে ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ আনুষ্ঠানিক স্বীকৃতি দিয়াৰ পাছতে ট্ৰাম্পে ফ্লৰিডাৰ নিজৰ বীচ্ছ ৰিজৰ্টত আয়োজন কৰা প্ৰথমখন সংবাদমেলত কৰা এই মন্তব্য কোনেও তুচ্ছ কথা কিম্বা ঠাট্টা-মস্কৰা বুলি ভবা নাই ৷ ট্ৰাম্পৰ এই হুংকাৰ কেৱল গুৰুত্বপূৰ্ণই নহয়, বেছ হিচাপীও ৷ এসময়ত আমেৰিকাই খন্দা আৰু ১৯৯৯ চনলৈকে যুটীয়াভাৱে পানামাৰ সৈতে স্বত্বাধিকাৰ তথা পৰিচালনাৰ কতৃৰ্ত্ব থকা পানামা খাল পুনৰ অধিকাৰ কৰিবলৈ লোৱাতো ড’নাল্ড ট্ৰাম্পৰ বাবে সপোন নহয় ৷

উল্লেখ্য, প্ৰথমে ফ্ৰান্সে খান্দিবলৈ লৈ অসমৰ্থ হোৱাত ১৯০৪ চনৰ পৰা ১৯১৪ চনলৈ আমেৰিকাই খনন কৰি পানামা খালেৰে জাহাজ চলাচল আৰম্ভ কৰিছিল ৷ তেতিয়াৰ পৰা বিগত ১১০বছৰ পানামা খাল বিশ্বৰ ব্যস্ততম, সৰ্বাধিক বাণিজ্যিক-সফল খাল হিচাপে পৰিগণিত হৈ আহিছে ৷ পানামা খালে প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ সংযোগ কৰাৰ ফলত বিশ্বৰ বাণিজ্যিক চিত্ৰখনেই সলনি হৈ পৰে ৷ ইয়াৰ ফলত বাণিজ্যিক বা আন জাহাজ চলাচলৰ, অৰ্থাৎ প্ৰশান্ত মহাসাগৰৰ পৰা আটলাণ্টিকলৈ অহাযোৱা কৰা সাগৰীয় পথ প্ৰায় ১৩,০০০ কিলোমিটাৰ চমু হৈ পৰে ৷ অন্যথা দক্ষিণ আমেৰিকাৰ তলেৰে বা দক্ষিণ দিশেৰে এসময়ত প্ৰশান্ত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰ সংযোগী জাহাজে চলাচল কৰিছিল ৷

৮২কিলোমিটাৰ দৈৰ্ঘৰ এই পানামা খালৰ পৰা পানামাই বছৰি ১০ বিলিয়ন মাৰ্কিন ডলাৰ অৰ্জন কৰে৷  ১৯৭৭ চনত হোৱা চুক্তি অনুসৰি ১৯৯৯ চনত আমেৰিকাই পানামা খালৰ পৰিচালনা আৰু স্বত্বাধিকাৰ পানামা ৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰে ৷ কিন্তু ড’নাল্ড ট্ৰাম্পৰ দাবী– এতিয়া চীনেহে পানামা খাল পৰিচালনা কৰি আছে ৷ নিজৰ ৰিজ’ৰ্ট মাৰ-এ-লাগোত সাংবাদিক সন্মিলনত ট্ৰাম্পে কয়– ‘পানামা খাল আমাৰ সেনাৰ বাবে আমি খনন কৰিছিলোঁ ৷ পানামা খাল আমাৰ দেশৰ বাবে সৰ্বদিশতে গুৰুত্বপূৰ্ণ ৷

এতিয়া পানামা খাল চীনে পৰিচালনা [অপাৰেটেড] কৰি আছে ৷ আমি পানামাকহে পানামা খাল দিছিলোঁ, চীনক নহয় ৷ এতিয়া আমাক কোনো প্ৰশ্ন নোহোৱাকৈ পানামা খালৰ দখল লাগে ৷ পানামা আৰু গ্ৰীনলেণ্ড দখলৰ বাবে আমেৰিকাই সামৰিক শক্তি প্ৰয়োগ নকৰিব বুলি মই নিশ্চিতি দিব নোৱাৰোঁ ৷ আমাৰ বাণিজ্যিক আৰু ভৌগোলিক সম্প্ৰসাৰণ অৱশ্যম্ভাবী ৷’

প্ৰথম কাৰ্যকালৰ শেষৰপিনে ড’নাল্ড ট্ৰাম্পে গ্ৰীনলেণ্ড ডেনমাৰ্কৰ পৰা ক্ৰয় কৰি লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল ৷ ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেটে ফ্ৰেডেৰিকছেনে গ্ৰীনলেণ্ড বিক্ৰীৰ বাবে নহয় বুলি ক’লেও এসময়ত মিত্ৰ দেশ হিচাপে আমেৰিকাক গ্ৰীনলেণ্ডত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছিল ৷ ট্ৰাম্পক লাগে পৃথিৱীৰ বৃহত্তম দ্বীপ ডেনমাৰ্কৰ অধীনস্থ স্বায়ত্ত্বশাসিত গ্ৰীনলেণ্ড ৷ আমেৰিকাক গ্ৰীণলেণ্ড বিক্ৰী কৰিবলৈ ট্ৰাম্পে ডেনমাৰ্কৰ ওপৰত পূৰ্বে হেঁচা প্ৰয়োগ কৰিছিল ৷ এইবাৰ তেওঁ গ্ৰীনলেণ্ড দখল কৰাৰ হুংকাৰ দিছে ৷

প্ৰশ্ন উঠিছে, কিয় গ্ৰীণলেণ্ডক লৈ তৎপৰ ডনাল্ড ট্ৰাম্প ৷ গ্ৰীনলেণ্ডৰ পৰা আমেৰিকাৰ কি লাভ হ’ব? গ্ৰীনলেণ্ড হৈছে খনিজাত সম্পদৰ ভাণ্ডাৰ ৷ সামৰিক দৃষ্টিকোণৰ ফালৰ পৰাও গ্ৰীনলেণ্ডৰ গুৰুত্ব অপৰিসীম ৷ এই এলেকাটোৰ পৰাই ৰাছিয়া আৰু ইউৰোপৰ ওপৰত দৃষ্টি ৰখাটো সহজ হৈ উঠে ৷ গ্ৰীনলেণ্ডত আছে পৃথিৱীৰ দুৰ্লভ খনিজ তেল আৰু গেছৰ বিশাল ভাণ্ডাৰ ৷ আমেৰিকাই এই খনিজাত সম্পদ নিজৰ উদ্যোগিক বিকাশৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰ উপৰি জলবায়ু পৰিৱৰ্তনৰ বাবে গ্ৰীনলেণ্ডত বৰফ ক্ৰমশঃ গলিব ধৰিছে ৷ ফলত এই এলেকাটোৰে সমুদ্ৰ পথ মুকলি হোৱাৰ সম্ভাৱনা দেখিছে আমেৰিকাই ৷ গ্ৰীনলেণ্ড দখললৈ গ’লে ৰাছিয়া আৰু চীনতকৈও আমেৰিকাৰ ভৌগোলিক আৰু সামৰিক শক্তি অধিক বৃদ্ধি হ’ব ৷ উল্লেখ্য যে গ্ৰীণলেণ্ডৰ অধিকাংশ বৰফেৰে ঢাকি ৰখা এলেকা ৷

আনহাতে, মেক্সিকো উপসাগৰৰ নাম আমেৰিকা উপসাগৰ কৰিবলৈ ট্ৰাম্প বদ্ধপৰিকৰ ৷ মেক্সিকোৰ পৰা ড্ৰাগ্‌ছৰ সৰবৰাহ আৰু অবৈধ প্ৰব্ৰজনৰ বাবে ট্ৰাম্পে এই অঞ্চলটোৰ কতৃৰ্ত্ব আমেৰিকাৰ হাতলৈ নিব খোজে ৷ মেক্সিকোৰ পৰা কানাডা হৈ অবৈধ প্ৰব্ৰজনৰ বাবে কানাডাৰ ওপৰত প্ৰচণ্ড ক্ষোভ তেওঁৰ ৷ তেওঁ কানাডাৰ বিদায়ী প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰ³ডোক ‘গৱৰ্ণৰ’ বুলি কটাক্ষ কৰে ৷ অৱশ্যে ট্ৰ³ডোৱে কানাডা আমেৰিকাৰ অংগৰাজ্য হোৱাৰ সম্ভাৱনা পোনচাটেই নাকচ কৰে ৷

শপত গ্ৰহণৰ পূৰ্বেই বৃহত্তম আমেৰিকা গঠনৰ বাবে ট্ৰাম্পে তৈয়াৰ কৰা ব্লুপ্ৰিণ্টে সমগ্ৰ বিশ্বকে সচকিত কৰি তুলিছে ৷ ট্ৰাম্পৰ এই হুংকাৰে বিশ্বৰ সকলো দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইউৰোপিয়ান ইউনিয়নকে ধৰি একাধিক সংগঠন আৰু দেশে ট্ৰাম্পৰ হুংকাৰক গৰিহণা দিছে ৷  ইপিনে, ফ্ৰান্সে ড’নাল্ড ট্ৰাম্পক ইউৰোপৰ সাৰ্বভৌম দেশৰ ওপৰত আমেৰিকাই হাত দিলে বিষম পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সকীয়াই দিয়ে ৷