O দিগন্ত ওজা
দুহাজাৰ বাইশৰ পহিলা সপ্তাহতেই অসমীয়া ভাষা-সাহিত্যত সংযোজিত হ’ল এক বৃহৎ সম্পাদন৷ কোনো বিশ্ববিদ্যালয়, কোনো জাতীয় অনুষ্ঠানৰ উদ্যোগত নহয়, এই বিশাল কাম সম্পাদিত হ’ল এগৰাকী ব্যক্তিৰ একক প্ৰচেষ্টাত, বছৰ বছৰ ধৰি চলা নিৰলস সাধনাত৷
ব্যক্তিগৰাকী ক্ষীৰধৰ বৰুৱা৷
হয়, ভাষা গ’ল গ’ল বুলি এচামে হাহাকাৰ কৰি থকাৰ সময়ত, নিজৰ সন্তানক ইংৰাজী মাধ্যমত পঢ়ুৱাই মান্য ভাষা এটাক কথ্য ভাষালৈ অৱনমিত কৰাত বহু অসমীয়া মধ্যবিত্তই ভূমিকা লোৱাৰ পৰত, ভৱিষ্যতৰ বাবে ভাষাটোক শক্তি যোগোৱাৰ আন্তৰিক আৰু নিৰৱচ্চিন্ন প্ৰয়াসেৰে ক্ষীৰধৰ বৰুৱাই যুগুতাই উলিয়াইছে এক সুবিশাল অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ ৷ বিজ্ঞানৰ ১৬টা শাখা সামৰি, ৭৩ হাজাৰতকৈও অধিক ইংৰাজী কাৰিকৰী শব্দৰ এক লাখ পঁচিশ হাজাৰৰো অধিক অসমীয়া সমাৰ্থক শব্দৰ সংযোজন ঘটা এই অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ ইমানেই বিস্তৃত আৰু ব্যাপক যে অসমীয়া ভাষাততো দূৰাৰ কথা, ড° দীনেশ চন্দ্ৰ গোস্বামীৰ মতে “সকলো ব্যৱহাৰকাৰীৰ উপযোগী বৈজ্ঞানিক পৰিভাষাৰ এনে এক বৃহৎ সংকলন ভাৰতীয় আন ভাষাত নাই বুলি আমাৰ ভাৱ হয়৷ যিকেইটা ভাৰতীয় ভাষাত এনে প্ৰচেষ্টা আছে, সি কিছু পুৰণি আৰু প্ৰায় অসম্পূৰ্ণ৷”
সেইবাবেই অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষৰ প্ৰকাশ ভাষাটোৰ বাবে গৌৰৱৰ কাৰণ৷ ভাষাটোক ভাল পোৱাসকলৰ বাবে উদযাপনৰ বিষয়৷ বিভিন্ন নেতিবাচক কথা-বতৰাৰ মাজত, উন্নাসিক চিন্তাৰে ভৰা অনেক মন্তব্যই ভাষাৰ ভৱিষ্যতক ধুঁৱলিবৃত্ত কৰি তোলাৰ পৰত অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষৰ প্ৰকাশ আমাৰ বাবে কলিজা ভৰা অম্লজান৷
O O O
বহুবাৰ বহু ঠাইত আমি এই মন্তব্য কৰিছোঁ যে ভাষা এটাৰ শক্তি কওঁতাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ নকৰে, এই শক্তি নিৰ্ভৰশীল ভাষাটোৰ পৰিচৰ্যা, অৰ্থাৎ কিমান ন ন বিষয় ভাষাটোত অন্তৰ্ভুক্ত হৈছে তাৰ ওপৰত৷ সাতসৰীৰ কাৰ্যবাহী সম্পাদক হৈ থকাৰ কালত আমি ভালেকেইগৰাকী ব্যক্তিক বিষয় বাচনি কৰি লেখা বিচাৰিছিলোঁ৷ সঁহাৰি নোপোৱাকৈ থকা নাছিলো, পিছে অনেকৰে মন্তব্য আছিল অসমীয়া ভাষাৰ প্ৰকাশিকা শক্তি কম– তেখেতে (মানে আমি কাষ চপা লেখকগৰাকীয়ে) অধ্যয়ন কৰা বিষয়টো লিখিবলৈ অসমীয়া ভাষাত উপযুক্ত শব্দই নাই! সঁচা কথা, ন ন বিষয়ত প্ৰবন্ধ বা গ্ৰন্থ ৰচনা কৰিবলৈ অসমীয়া ভাষাত সহজে বুজা গ্ৰহণযোগ্য শব্দও লাগিব৷ ১৯৬১ চনত নৱম শ্ৰেণীত পঢি থকা কালত গণিতজ্ঞৰ জীৱনী লেখাৰে আৰম্ভ কৰি ১৯৬০ৰ দশকৰ শেহভাগৰপৰা নিয়মীয়াকৈ বিজ্ঞান বিষয়ক লিখাত মনোনিৱেশ কৰা ক্ষীৰধৰ বৰুৱায়ো লেখক জীৱনৰ বিভিন্ন সময়ত পৰিভাষাৰ সমস্যাৰ মুখামুখি হৈছিল৷ প্ৰচলিত অভিধান আৰু পৰিভাষা-গ্ৰন্থই পূৰাৱ নোৱাৰা চাহিদাৰ বাবে তেওঁ পিছে কলম বন্ধ কৰা নাছিল৷ কমাৰশালত শান দিয়া লোহাৰ দৰে বৰুৱাই নিজে ভাঙি-পিটি গঢ়ি গ’ল অনেক শব্দ৷ আৰু এদিন, ২০১০ চনৰ শেহৰপিনে তেওঁ কৰিলে এখন পূৰ্ণাংগ অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষৰ পৰিকল্পনা৷ তেতিয়ালৈকে পাঁচটা দশকৰো অধিক কালৰ অভিজ্ঞতা আৰু অনুভৱৰ আধাৰত বৰুৱাই ঠিৰাং কৰিছিল, তেওঁৰ অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষত থাকিব এনে কিছু বৈশিষ্ট্য, য’ত সন্নিৱিষ্ট হ’ব–
(ক) বিজ্ঞান-প্ৰযুক্তিৰ একেবাৰে শেহতীয়া অগ্ৰগতিক সামৰি লোৱা সম্ভৱপৰ সকলো শব্দৰ প্ৰতিশব্দ,
(খ) গুৰুত্বপূৰ্ণ বুলি বিবেচিত প্ৰতিশব্দসমূহৰ আভিধানিক চমু ব্যাখ্যা,
(গ) জটিল যেন লগা প্ৰতিশব্দবোৰৰ প্ৰায়োগিক চুটি বাক্য,
(ঘ) ইংৰাজীত ৰাখিবলগীয়া শব্দৰ গ্ৰহণযোগ্য অসমীয়া লিপ্যন্তৰ,
আৰু
(ঙ) কেতবোৰ প্ৰতিশব্দৰ ব্যাখ্যাত্মক ৰেখাচিত্ৰ৷ (পৃ. ০.১৬, অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ দ্ৰষ্টব্য৷)
সিমানেই নহয়, বৰুৱাই ইয়াতকৈও বিস্তৃতভাৱে কেতবোৰ গুৰুত্বপূৰ্ণ শব্দ/ বিষয়ৰ কিছু বহল ব্যাখ্যাৰে গ্ৰন্থখনিক দিব খুজিছিল বিশ্বকোষীয় ৰূপ৷
আৰু তাৰেই পৰিনতি ডিব্ৰুগড়ৰ বনলতা প্ৰকাশিত ক্ষীৰধৰ বৰুৱাৰ অভিলাষী প্ৰকল্প– ১৩২৪ পৃষ্ঠাৰ অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষ ৷
O O O
বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ ষোল্লটা শাখাক সামৰি ইংৰাজী ভাষাৰ তেসত্তৰ হাজাৰৰো অধিক কাৰিকৰী শব্দৰ অসমীয়া পৰিভাষা সন্নিৱিষ্ট কৰা আৰু কিছু ক্ষেত্ৰত বিশ্বকোষীয় ৰূপ দিয়া ক্ষীৰধৰ বৰুৱাৰ এই গ্ৰন্থখন কেইবাটিও দিশৰ পৰা গুৰুত্বপূৰ্ণ৷ ইংৰাজীৰ একেটা শব্দই বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ শাখা-ভেদে সুকীয়া অৰ্থ বহন কৰে৷ যেনে mole শব্দটো৷ বৰুৱাৰ গ্ৰন্থত তাৰ প্ৰতিটো সন্নিৱিষ্ট হৈছে এই অনুক্ৰমে–
“mole. 1. তিল৷ মানুহৰ গাত জন্মগতভাৱে থকা ক’লা বা মুগা সৰু ঘুৰণীয়া চিন৷ 2. ম’ল৷ জৰায়ুৰ ভিতৰৰ অপৰিপুষ্য় বা ভ্ৰষ্ট বীজকোষ৷ 3. পদাৰ্থৰ পৰিমানৰ একক৷ কোনো পদাৰ্থৰ 1 ম’লে বুজোৱা পৰিমাণত এভ’গেড্ৰ’ৰ সংখ্যাৰ প্ৰাথমিক গোট থাকে৷ যেনে 1 ম’ল হাইড্ৰ’জেন অণুত 6.02X10(to the power23) সংখ্যক হাইড্ৰ’জেনৰ পৰমাণু থাকিব৷ 4. চিকাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী (family : Talpidae)” (ইউনিকোডত ১০ৰ ওপৰত ২৩ বহুওৱাত অসুবিধাৰ হেতু ইয়াত ‘to the power 23’অংশটো এই আলোচকৰ)
আমি উদ্ধৃত কৰা mole শব্দটোৰ অৰ্থসমূহৰ মাজেৰে অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষৰ এটা আভাস পাব পাৰি৷ সংকলক-সম্পাদক বৰুৱাই কেৱল শব্দৰ পৰিভাষা দিয়াতেই ক্ষান্ত থকা নাই, বিতং অৰ্থ দিয়াৰো চেষ্টা কৰিছে৷ ক’ৰবাত এই অৰ্থ আৰু ব্যাপক৷ যেনে hydrogenৰ প্ৰসংগত আছে– ‘‘হাইড্ৰ’জেন৷ পুৰণি নাম উদ্জান৷ আটাইতকৈ লঘু মৌল৷ বৰণহীন, স্বাদহীন, গোন্ধহীন গেছ৷ প্ৰকৃতিত পানীৰ অংশ হিচাপে, জৈৱ যৌগ আৰু কিছুমান খনিজাত দ্ৰব্যত, আৰু কেইটামান গ্ৰহৰ বায়ুমণ্ডলত আৰু নক্ষত্ৰবোৰৰ মূল উপাদান হিচাপে হাইড্ৰ’জেন পোৱা যায়৷ এম’নিয়াৰ উৎপাদনত, তেলৰ হাইড্ৰ’জেন সংযোজনত, ধাতুবিদ্যাত, জৈৱৰসায়নবিজ্ঞানত বিজাৰকৰূপে, নিউক্লিয় শক্তিৰ উৎপাদনত মন্থৰক হিচাপে, ইন্ধন কোষ আদিত ব্যৱহাৰ কৰা হয়৷”– এক কথাত বিতং বিৱৰণ৷
আৰু প্ৰয়োজন সাপেক্ষে আছে সংজ্ঞাসূচক বা উদাহৰণমূলক বাক্যও৷ এনে বাক্য আছে ইটালিক আখৰত৷ পৰিভাষা কোষখনৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ-নিৰ্দেশনাৰ পৰাই এটা উদাহৰণ তুলি দিব খুজিছোঁ–
“parabolic velocity. অভিবৃত্তীয় বেগ৷ এটা নিৰ্দিষ্ট বিন্দুত থকা বস্তুৱে এটা আকৰ্ষণ কেন্দ্ৰৰ চৌপাশে অভিবৃত্ত এটা অংকন কৰিবলৈ প্ৰয়োজন হোৱা বেগক অভিবৃত্তীয় বেগ বোলে৷“
পশু-পক্ষী-উদ্ভিদৰ বৈজ্ঞানিক নামৰ পৰা আৱিষ্কাৰ-উদ্ভাৱনৰ সৈতে জড়িত বিজ্ঞানীৰ সংক্ষিপ্ত পৰিচয়লৈকে, বিজ্ঞান-প্ৰয়ুক্তিৰে সম্পৰ্কীত এব্ৰিভিয়েচনৰ পৰা লেটিন-ৰোমান-গ্ৰীক শব্দৰ ক্ষেত্ৰত উৎসলৈকে উল্লেখ কৰা এই পৰিভাষা কোষ সকলো দিশৰ পৰাই অসমীয়া ভাষা-সাহিত্যৰ এক অনন্যসুন্দৰ বহুমূলীয়া সম্পদ৷ এনে তথ্যসমূহৰ মাজতে ধৰি ৰখা হৈছে ইতিহাসৰো সমল৷ ১৯৬৪ চনত ৰসায়নৰ নবেলজয়ী ড’ৰ’থি ক্ৰফুট হজকিন যে গুৱাহাটীলৈ আহিছিল, তাৰ তথ্যও ধৰি ৰাখিছে এই গ্ৰন্থই৷ Hodgkin, Dorothy Crowfoot চাওক, বিজ্ঞানীগৰাকীৰ সংক্ষিপ্ত পৰিচয়ৰ সৈতে এইটোও আছে যে ১৯৭৯ চনত তেওঁ অসমলৈ আহি অসম বিজ্ঞান সমিতিৰ ‘IASST’ উদ্বোধন কৰিছিল৷ এই বিষয়ত বৰুৱাই সংলগ্ন কৰিছে গুৱাহাটীত হজকিনে অংশ লোৱা অনুষ্ঠানৰো পোহৰ-ছবি৷ আকৌ neolithic tool প্ৰসংগত সংযোজন কৰিছে ১৯০৮ চনত বিশ্বনাথত আৱিষ্কৃত নৱপ্ৰস্তৰ-সঁজুলিৰ ছবি৷
এনে অলেখ বৈশিষ্ট্যৰ পয়োভৰ ঘটা এই গ্ৰন্থ বিজ্ঞান সাহিত্যৰ এগৰাকী একনিষ্ঠ সেৱকৰ জ্ঞানান্বেষী মনৰ, ভাষা-হিতৈষী ভাৱনাৰ সাৰ্থক প্ৰতিফলন৷ সেইবাবেই ‘আগকথা’ত ক্ষীৰধৰ বৰুৱাৰ সহপাঠী আৰু তেখেতৰ দৰেই বিজ্ঞান-সাহিত্যৰ নিৰলস সাধক ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে মন্তব্য কৰিছে– ‘‘আমি নিশ্চিত যে এই সংকলনে কেৱল যে বিজ্ঞান সাহিত্যকে বলীয়ান কৰিব এনে নহয়, ই সামগ্ৰিকভাৱে আমাৰ ভাষাটোকো বিস্তৰ শব্দসম্ভাৰ উপহাৰ দি ভাষাটোত জ্ঞানৰ ভাণ্ডাৰ চহকী কৰিব আৰু ভাষাটোৰ চিন্তন দক্ষতা আৰু প্ৰকাশন ক্ষমতাও বৃদ্ধি কৰিব৷’’
O O O
শৈশৱতে পঢ়া প্ৰেমধৰ দত্তৰ ন-কথা নে ভেকোভাওনাত পাইছিলোঁ সঠিককৈ মনত নাই, বৃষভৰ হোটেলত পুৰা পেটি ভাততকৈ আধাপেটি ভাতৰ দাম আছিল বেছি, কাৰণ আধাপেটি ইমানেই সুস্বাদু যে খালে খাই থাকিবলৈ মন যায়৷ অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষৰ পাতনিখন আমাৰ বাবে আধাপেটি খাদ্য হৈ ৰ’ল৷ হয়, ইতিমধ্যে উল্লেখ কৰা দিশবোৰৰ লগতে অসমীয়া বৈজ্ঞানিক পৰিভাষা কোষৰ এটা লক্ষণীয় বিষয় হৈছে আমাৰ কালৰ বিজ্ঞান-সাহিত্যৰ একনিষ্ঠ সাধকগৰাকীৰ ‘পাতনি’খন৷ ক্ষীৰধৰ বৰুৱাৰ পাণ্ডিত্য যে কেৱল বিজ্ঞান সাহিত্যতে সীমাৱদ্ধ নহয়, এই পাতনিখন তাৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন৷ ‘বৈজ্ঞানিক শব্দৰ উৎপত্তি আৰু বিৱৰ্তন’ সন্দৰ্ভত পাতনিত যি সংক্ষিপ্ত অথচ মনোজ্ঞ বিৱৰণ দিয়া হৈছে, সেয়া বৰুৱাৰ ভাষা-বিজ্ঞান চৰ্চাৰো প্ৰমান৷ ত্ৰিকোণমিত্ৰিৰ ছাইন ফলন বুজোৱা ‘ছাইনাছ’ শব্দটো সংস্কৃতৰ জ্যা শব্দ পৰা আৰৱী জাইব শব্দ হৈ কেনেকৈ গৈছে, বা লেটিন ভাষাত চৰাইৰ বাহ বুজুৱা nidus শব্দটোৰ পৰাও যে সংস্কৃতৰ নীড় শব্দৰ উদ্ভৱ হ’ব পাৰে, ৰসিক পঢ়ুৱৈক তেনে চিন্তাসূত্ৰই আলোড়িত নকৰাকৈ নাথাকিব৷ এনে ভালেমান তথ্য আৰু চিন্তাৰ মন জুৰুৱা উপস্থাপনে এই সন্দৰ্ভত অধিক জনাৰ হেঁপাহ ৰাখিলে, যিটো বৰুৱাই ভৱিষ্যতে পূৰণ কৰিব বুলি আমি আশাবাদী৷
কেৱল বৈজ্ঞানিক শব্দৰ উৎপত্তি আৰু বিৱৰ্তনেই নহয়, এই পাতনিত আছে অসমীয়া বৈজ্ঞানিক পৰিভাষাৰ উৎপত্তি আৰু বিকাশৰ লেখ আৰু নতুন অসমীয়া বৈজ্ঞানিক পৰিভাষাৰ প্ৰয়োজনীয়তাৰ ব্যাখ্যা৷ এই পাতনিখনে এক অৰ্থত দাঙি ধৰিছে অনেক তথ্য৷
আনহাতে এই গ্ৰন্থৰ শেষৰপিনে ১৬খনকৈ পৰিশিষ্ট সংযোজিত হৈছে৷ সেইবোৰত বিজ্ঞানৰ বিভিন্ন শাখাৰ অনেক তথ্য (যেনে বিজ্ঞানত সততে ব্যৱহৃত গ্ৰীক বৰ্ণমালা, মৌলিক ধ্ৰুৱক, মহাজাগতিক সময়ৰেখা, ভূ-বৈজ্ঞানিক সময় স্কেল আদি) দাঙি ধৰা হৈছে৷ লগতে আছে বিজ্ঞান সাহিত্য কি, কাৰ বাবে আৰু কেনেকৈ লিখিব তাৰ বিৱৰণ৷ এনেদৰেই এই পৰিভাষা কোষ হৈ উঠিছে ছটা দশকৰো অধিক কাল অসমীয়া বিজ্ঞান সাহিত্যক সমৃদ্ধ কৰা এগৰাকী সাধকৰ অভিজ্ঞতা, উৰ্বৰতা আৰু আবেগৰ সমন্বয়৷
অসমীয়া সাহিত্যলৈ একক প্ৰচেষ্টাত সম্পন্ন সমকালৰ সৰ্ববৃহৎ অৱদান ইয়াতকৈ আৰু কি হ’ব পাৰে?