সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিয়ান :: সকলো কাহিনীৰ অন্তৰালত এটাই বাৰ্তা

The greatest Olympian of all time

0

August 7, 2024: কাৰ কথা ক’ব, কাক এৰিব?
প্ৰাচীন অলিম্পিক বুলিয়েই বাদ দিব পাৰিবনে টিয়াজিনছ অব ট্যেছছক (Theagenes of Thasos)—যিজনে আঢ়ৈ হাজাৰ বছৰৰ আগতেই হেনো লাভ কৰিছিল অসংখ্য বিজয় মুকুট!
নোকোৱাকৈ থাকিব পাৰি জানো লিঅ’নিডাছ অব ৰোডছৰ (Leonidas of Rhodes) কথা—যিজনক আজিৰ আধুনিক অলিম্পিকতো স্থান দিয়া হয় সৰ্বশ্ৰেষ্ঠৰ মাজত? দৌৰ আৰম্ভ কৰাৰ পাছত কোনো দৌৰবিদৰ বাবেই হেনো লিঅ’নিডাছ অব ৰোডছৰ ছাঁ পৰ্যন্ত স্পৰ্শ কৰা সম্ভৱপৰ নাছিল৷ কোৱা হৈছিল—লিঅ’নিডাছে পাইছিল ঈশ্বৰৰ গতি৷
বা খৃষ্টপূৰ্ব ষষ্ঠ শতিকাৰ সেই প্ৰবল যোদ্ধা মিল’ অব ক্ৰটন—যুদ্ধক্ষেত্ৰত সিংহৰ ছাল পিঠিত বান্ধি লোৱা এই দুৰ্দম বীৰ অলিম্পিকৰ মল্লযুঁজাৰুৰ বাবে আজিওতো হৈ ৰৈছে সমীহ আৰু আশ্চৰ্যৰ নাম!

প্ৰতিখন অলিম্পিকতে উদ্ভাসিত হয় একে একোজন নতুন ক্ৰীড়াবিদ৷ ক্ৰীড়া নৈপুন্যতকৈও যাৰ জীৱন যন্ত্ৰণাই— বিজয়ৰ বাবে অতিক্ৰম কৰা কান্তাৰে লক্ষ-নিযুত মনত যোগায় সঞ্জীৱনী৷

প্ৰতিখন অলিম্পিকত অনেকেই পদক পায়৷ মহানায়কৰূপে একে একেজনহে জন্ম লয়৷ সেয়া কেতিয়াবা আবেবে বিকিলা৷ কেতিয়াবা ফ্ল’ৰেন্স গ্ৰিফিথ জয়নাৰ৷ কেতিয়াবা কাৰ্ল লিৱিছ৷ কেতিয়াবা মাইকেল ফেল্পছ৷ অথবা উছাইন বল্ট৷

২৩টাকৈ স্বৰ্ণসহ ২৮টা অলিম্পিক পদক জয় কৰি মাইকেল ফেল্পছে যিদৰে হৈছে কালোত্তীৰ্ণ, ১০০ আৰু ২০০ মিটাৰৰ দৌৰত ক্ৰমাগত তিনিখন অলিম্পিকত স্বৰ্ণজয়েৰে উছাইন হৈ উঠিছে কালৰ স্নাতক৷
এৰিব পাৰি লাৰিছা লাটিনিনাক— এবছৰ নহওঁতেই যি বিচ্চিন্ন হৈছিল পিতৃৰ পৰা, আৰু দাৰিদ্ৰতা তথা অশিক্ষিতা মাতৃৰ তত্বাৱধানত শৈশৱ-কৈশোৰ অতিক্ৰম কৰাৰ পথত বেলে নৃত্যৰ পৰা জিমনাষ্টিকছৰ প্ৰতি আগ্ৰহেৰে ইখনৰ পাছত আনখন অলিম্পিকত জয় কৰিছিল ৯টা স্বৰ্ণসহ ১৪টাকৈ অলিম্পিক মেডেল…

কাৰ কথা ক’ব, কাক এৰিব?

পাহৰিব পাৰি পাভ’ নুৰ্মিৰ কথা—দীৰ্ঘ দূৰত্বৰ দৌৰত সফলতা অৰ্জনৰ বাবে যিজনে গৰমৰ দিনতো দগধা পোছাক পিন্ধি কৰিছিল অনুশীলন— দিন-ৰাতি একাকাৰ কৰি চলাই গৈছিল কঠোৰৰ পৰা কঠোৰ প্ৰয়াস? এখন অলিম্পিকতে ৫টাকৈ স্বৰ্ণজয় কৰা নুৰ্মিয়েইতো প্ৰথম এথলীট৷ ১৯২০ৰ পৰা ১৯২৮ৰ তিনিখন অলিম্পিকত অংশ লৈ অলিম্পিকৰ দীৰ্ঘ দূৰত্বৰ দৌৰত ৯টা স্বৰ্ণ আৰু ৩টা ৰূপ অৰ্জন— অথচ ইয়াৰ মাজতে আঘাতে জৰ্জৰ কৰা শৰীৰ—নুৰ্মীৰ মাজত জানো ফুটি নুঠে নিজক নিজে অতিক্ৰম কৰা মানৱ জাতিৰ হাজাৰ হাজাৰ বছৰীয়া যাত্ৰাৰেই প্ৰতিচ্ছবি?

অনেক এথলীট৷ অনেক কাহিনী৷ সকলো কাহিনীৰ অন্তৰালত এটাই বাৰ্তা৷ জীৱন জয়ৰ বাসনা, নিজৰ সীমাবদ্ধতা অতিক্ৰমৰ জেদেই জীৱনৰ সফলতাৰ বুনিয়াদ৷ জীৱনৰ এই শিক্ষাৰ বাবেই অলিম্পিকৰ মহানায়কৰ সংগ্ৰাম বুজাৰ প্ৰয়োজন৷

আধুনিক অলিম্পিকত এনে অনেক মহানায়কৰ মাজতো কিন্তু অনন্য জেছি অৱেন্স৷

তেওঁৰ কথা সুকীয়াকৈ ক’ব লাগিব৷