ৰিয়ানক কেপ প্ৰদান কৰি কোহলীয়ে কোৱা কথাতেই যাদু!

Riyan Parag received his ODI Debut Cap from Virat Kohli

0

August 7, 2024 : এদিনীয়াত অভিষেকৰ মুহূৰ্তত ৰিয়ান পৰাগৰ হাতত কেপ তুলি দিলে জাতীয় দলৰ স্তম্ভস্বৰূপ বিৰাট কোহলীয়ে৷ কেপ প্ৰদান অনুষ্ঠানত কোহলীয়ে ৰিয়ানক ক’লে উদ্দীপনামূলক কথা৷

কোহলীয়ে ক’লে, দেশৰ হৈ মেচ উইনাৰৰ দক্ষতা আছে তোমাৰ মাজত৷ মই জানো, তোমাৰো আছে সেই বিশ্বাস৷ আমাৰো সকলোৰে তোমাৰ ওপৰত আছে সেই বিশ্বাস৷ দল ১-০ত পিছ পৰি থকাতেই আৰম্ভ হৈছে তোমাৰ আন্তৰ্জাতিক কেৰিয়াৰ৷ আমি বিচাৰোঁ বেটিং, বলিং, ফিল্ডিঙত তোমাৰ প্ৰভাৱশালী প্ৰদৰ্শন৷

বিৰাট কোহলীয়ে দেশৰ হৈ এদিনীয়াৰ ২৫৬ নং কেপ প্ৰদান কৰি ৰিয়ান পৰাগক কৈছিল এই কথা৷

শ্ৰীলংকাৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়াত স্থান লাভ কৰিছে ৰিয়ানে৷ ইতিপূৰ্বে জিম্বাবৱেৰ বিৰুদ্ধে অভিষেক হৈছিল টি-২০ত৷ আৰু এইবাৰ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াত স্থান পালে পৰাগে৷ তেওঁক লোৱা হৈছিল অৰ্শদীপ সিঙৰ স্থানত৷ ৰিয়ানক যে টীম মেনেজমেণ্টে ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি শ্ৰীলংকাগামী দলত স্থান দিছিলস সেয়া আগতেই স্পষ্ট হৈছিল৷ অৰ্শদীপৰ সলনি তৃতীয় এদিনীয়াত অন্তৰ্ভূক্ত কৰাতেই স্পষ্ট হৈছিল অলৰাউণ্ডাৰ হিচাপে বিবেচনা কৰা হৈছে ৰিয়ানক৷

হাতত বল লৈ ৰিয়ানেও দিলে টীম মেনেজমেণ্টৰ বিশ্বাসৰ মূল্য৷ ইনিংছৰ ২৫ নং অভাৰত অধিনায়কে পৰাগৰ হাতত তুলি দিছিল বল৷ ৰিয়ানৰ অফব্ৰেক লং অনৰ দিশলৈ প্লেচ কৰি ১ ৰান লৈ স্বাগতম জনাইছিল ফাৰ্ণাণ্ডোৱে৷

প্ৰথম অভাৰত ৪ ৰান৷ ২ অভাৰত ১০ ৰান দিয়াৰ পাছতেই সামৰণি পৰিছিল ৰিয়ানৰ প্ৰথম স্পেল৷ কিন্তু দ্বিতীয়টো স্পেল দিবলৈ আহি অন্যৰূপ ৰিয়ানৰ৷ ৩৬ নং অভাৰত দ্বিতীয়টো স্পেল দিবলৈ আহি দুৰ্দান্ত ৰূপ লয় অসম সন্তানে৷ তেতিয়ালৈ শতৰানৰ মুখত থকা অভিস্কা ফাৰ্ণাণ্ডোক অফ ব্ৰেকৰে ৯৬ ৰানত এল বি ডব্লিউ কৰে ৰিয়ানে৷

এয়া অভিষেকত বলাৰ হিচাপে সফলতা অসম সন্তানৰ৷ প্ৰথম মেচতে ৩টা উইকেট৷ ৯৮ অভাৰত ৫৪ ৰান দি পালে এই সফলতা৷ যেন কোহলীৰ যাদুকৰী কথাত প্ৰাণ পাইছিল ৰিয়ানে৷ আৰু এনেদৰে বেটিঙত ইতিপূৰ্বেই ভৰসাবান বুলি প্ৰতিপন্ন কৰা ৰিয়ানে অভিষেক এদিনীয়াত বল হাতত লৈ যি প্ৰদৰ্শন কৰিলে, সেই প্ৰদৰ্শনে তেওঁৰ স্থান সুৰক্ষিত কৰাই নহয়— অসমৰ অনাগত প্ৰজন্মৰ বাবেও যেন সৃষ্টি কৰিছে এক উত্তৰাধিকাৰ৷