August 7, 2024 : এই বছৰৰ ৬ জানুৱাৰীত ছমাহৰ কাৰাদণ্ড বিহা হৈছিল মহম্মদ ইউনুছক৷ কাৰাদণ্ড বিহিছিল শ্বেখ হাছিনাৰ চৰকাৰে৷ সেই মহম্মদ ইউনুছেই এতিয়া বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ দায়িত্বত৷ কিন্তু কোন এই মহম্মদ ইউনুছ?
মহম্মদ ইউনুছৰ নাম শুনা নাই—এনে শিক্ষিত মানুহ কমেইহে ওলাব৷ ২০০৬ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা মহম্মদ ইউনুছৰ বাংলাদেশত দুটা পৰিচয়৷ বাংলাদেশৰ দৰিদ্ৰ লোকৰ বাবে মহম্মদ ইউনিছ দৰিদ্ৰৰ ঈশ্বৰ৷ দেশখনৰ লক্ষ লক্ষ লোকক জীৱীকাৰ পথ দেখুৱাইছে এইগৰাকী অৰ্থনীতিবিদে৷ কল্যাণকামী অৰ্থনীতিৰ ধাৰণা বাংলাদেশত প্ৰৱৰ্তন কৰি গ্ৰামীণ বেংকৰ জৰিয়তে ইউনিছে দৰিদ্ৰ লোকক জীয়াই থকাৰ অধিকাৰ দি আহিছে৷ এইবাবেই তেওঁ লাভ কৰিছিল অৰ্থনীতিৰ নোবেল বঁটা৷
কিন্তু শ্বেখ হাছিনাৰ বাবে মহম্মদ ইউনুছ দৰিদ্ৰৰ তেজ শোহা লোক৷ শ্ৰম আইন ভংগ আৰু ২০ লাখ ডলাৰ আত্মসাৎ— এই দুই অভিযোগত কাৰাৰুদ্ধ হৈছিল এইগৰাকী মহান অৰ্থনীতিবিদ৷ অৱশ্যে বিগত মাৰ্চ মাহত জামিন লাভ কৰিছিল ইউনুছে৷
নোবেল বঁটাৰ উপৰি ইউনুছে লাভ কৰিছে৷ ২০০৯ চনৰ যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেঞ্চিয়েল মেডেল অব ফ্ৰীডম৷ ২০১০ চনৰ কংগ্ৰেচনেল গ’ল্ড মেডেল৷ এজন ব্যক্তিয়েই এই তিনিওটা সন্মান লাভ কৰা লোক বিশ্বত বৰ বেছি নাই৷ মহম্মদ ইউনুছে প্ৰৱৰ্তন কৰা ক্ষুদ্ৰ ঋণ, সামাজিক ব্যৱসায় আৰু থ্ৰী জিৰ’ এই তিনিওটা ধাৰণাই কল্যাণকামী বুলি বিশ্ব সম্প্ৰদায়ৰ পৰা আদায় কৰিছে শ্ৰদ্ধা আৰু সমীহ৷
বাংলাদেশত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনৰ পৰিণতিত— শ্বেখ হাছিনাই দেশ এৰাৰ পাছত—বৈষম্য বিৰোধী ছাত্ৰ সমাজৰ দাবী আছিল ইউনুছক পতা হওক অন্তৰ্ৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা৷ ছাত্ৰ সমাজৰ এই দাবী মানি লৈছে সামৰিক প্ৰশাসনে৷ ছাত্ৰ সমাজে শ্ৰদ্ধা কৰা এইগৰাকী ব্যক্তিৰ আনত্ৰ্জাতিক ক্ষেত্ৰত সমাদৰ অতি বেছি৷ এই বছৰৰ আৰম্ভণিতে কাৰাৰুদ্ধ হোৱাৰ সময়ত ইউনুছৰ মুক্তিৰ বাবে শ্বেখ হাছিনালৈ পত্ৰ প্ৰেৰণ কৰা লোকৰ মাজত আছিল বাৰাক ওবামা, হিলাৰী ক্লিণ্টনৰ দৰে ব্যক্তি৷ অৰ্থনীতিত নতুন দিশৰ সূচনা কৰা ইউনুছৰ আন্তৰ্জাতিক ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতাও যথেষ্ট৷ সেইবাবেই ২০২০ৰ টকিঅ’ অলিম্পিকৰ শিখাবাহক হিচাপেও সন্মানীত হৈছিল ইউনুছ৷
শ্বেখ হাছিনা চৰকাৰৰ সৈতে সংঘাত আছিল ইউনুছৰ৷ কাৰামুক্ত হোৱাৰ পাছত ইউনুছে কৈছিল—বাংলাদেশত চলিছে এক ব্যক্তিৰ চৰকাৰ৷
পৰিৱৰ্তন ইউনুছেও বিচাৰিছিল৷ এতিয়া দেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে ইউনুছে ল’ব লাগিব গুৰুত্বপূৰ্ণ ভূমিকা৷