August 7, 2024 : কিয় বাঢ়িছিল ৱিনেশ ফোগাটৰ ওজন? এই লৈ বিভিন্নজনে কৰিছে বিভিন্ন মন্তব্য৷ আচল কথাটো হ’ল যিকোনো খেলুৱৈৰ ক্ষেত্ৰতে ওজন বঢ়াতো কোনো অস্বাভাৱিক ঘটনা নহয়৷ ৱিনেশৰো মঙলবাৰে নিশালৈ ওজন বৃদ্ধি পাইছিল ৫২ কেজিলৈ৷ ৫০ কেজি কেটেগৰীৰ ৱিনেশে ওজন হ্ৰাস কৰা চেষ্টা কৰিও সফল নহ’ল৷ কিন্তু কিয় দিনটোতে বাঢ়িছিল ৱিনেশৰ ওজন? ক্ৰীড়া-চিকিৎসকৰ মতে এথলীট এজনৰ ওজন দিনটোৰ ভিতৰতে ২ কিলোগ্ৰামলৈ বৃদ্ধি পোৱাটো অস্বাভাৱিক কথা নহয়৷ সাধাৰণতে দিনটোৰ ভিতৰতে আৰু আনকি ৰাতিও এই ওজন বৃদ্ধি পাব পাৰে৷ দিনটো কাম কৰিলে শৰীৰৰ পৰা তৰল নিৰ্গত হয় বাবে গধূলিলৈ ওজন বৃদ্ধি পাব পাৰে৷ ৰাতি এই ওজন স্বাভাৱিক হয়৷ এথলীটৰ ঋতুকালীন পৰিস্থিতিতো হৰমনৰ বাবে ওজন বৃদ্ধি পাব পাৰে৷ টোপনি ক্ষতি আৰু মানসিক চাপো ওজন বৃদ্ধিৰ কাৰণ হয়৷ তেন্তে ওজন কমাবলৈ নিশাৰ পৰিশ্ৰমে ৱিনেশৰ ক্ষেত্ৰত ল’লে নেকি বিপৰীত ভূমিকা?
কিয় হঠাতে বাঢ়িছিল ৱিনেশৰ ওজন?
Why does Vinesh Phogat gain weight?