সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিয়ান : Nadia Comăneci

The greatest Olympian of all times

0

August 7, 202 : ১৪ বছৰতে পৃথিৱীত লগাইছিল খলক৷
১৪ বছৰতে কম্পিউটাৰকো পেলাইছিল বিপাঙত৷
১৪ বছৰতে জয় কৰিছিল বিশ্ব৷
এয়া অলিম্পিকৰ বতৰ৷ এয়া অলিম্পিকৰ সৰ্বকালৰ শ্ৰেষ্ঠ কেইগৰাকীমান খেলুৱৈক স্মৰণ কৰাৰ বতৰ৷
অলিম্পিক মানেই শৰীৰৰ শক্তি আৰু বিচক্ষণতাৰ প্ৰকাশ৷ অলিম্পিক মানেই শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ মহাৰণ৷ অলিম্পিক মৰ্যাদা প্ৰতিপন্নৰ, সম্ভ্ৰম আদায়ৰ সৰ্বশ্ৰেষ্ঠ মঞ্চ৷
১৯৭৮ চনৰ মণ্ট্ৰীল অলিম্পিক৷ জিমনাষ্টিকছ খেলিবলৈ ৰোমানিয়াৰ পৰা আহিছিল এগৰাকী ১৪ বছৰীয়া কিশোৰী৷
১৮ জুলাই, ১৯৭৬ চন৷ ১৪ বছৰীয়া কিশোৰীগৰাকীয়ে মণ্ট্ৰীল অলিম্পিকৰ আনইভেন বাৰত ৰচিছিল কবিতা৷ সেই কবিতা ইমানেই ছন্দময় লয়যুক্ত আছিল, যে সকলোকেইজন বিচাৰকেই কিশোৰীগৰাকীক দিছিল ১০ৰ ভিতৰত ১০— জিমনাষ্টিকছৰ ভাষাত পাৰফেক্ট ১০৷
অলিম্পিক ইতিহাসত পুৰুষ-মহিলা নিৰ্বিশেষে সেয়াই আছিল প্ৰথম পাৰ্ফেক্ট টেন৷
কিন্তু তাতেই এটা মজাৰ ঘটনা ঘটিছিল৷ যিহেতু ইতিপূৰ্বে কাহানিও কোনেও পাৰ্ফেক্ট টেন লাভ কৰা নাছিল, সেয়ে মণ্ট্ৰীল অলিম্পিকৰ কম্পিউটাৰ স্ক’ৰবৰ্ডতো পাৰ্ফেক্ট টেনৰ ব্যৱস্থা নাছিল৷ ফলত এই কিশোৰীগৰাকীয়ে সাৱলীল প্ৰদৰ্শন কৰাৰ পাছত বৰ্ডত জিলিকি উঠা পইণ্ট আছিল ১.০০৷
এয়া হ’ল কি? দৰ্শক হতবাক৷
জুৰীয়ে ঘোষণা কৰিবলগীয়া হৈছিল আচল কথা৷
কিশোৰীগৰাকীয়ে অলিম্পিক ইতিহাসত নাম লিখাৰ কথা৷
পাৰ্ফেক্ট ১০ পোৱা এই কিশোৰীগৰাকী নাদিয়া কোমানেচি
কিন্তু সেয়া আছিল আৰম্ভণি মাত্ৰ—
নাদিয়া কোমানেচিয়ে সেইবাৰ মুঠতে সাতবাৰ লাভ কৰিছিল পাৰ্ফেক্ট টেন৷
মণ্ট্ৰীলত ৩টা সোণৰ পদক লাভ কৰিছিল নাদিয়াই৷
আনইভেন বাৰ, বেলেঞ্চ বীম আৰু ইণ্ডিভিজুৱেল অল এৰাউণ্ডত লাভ কৰিছিল স্বৰ্ণ৷
১৪ বছৰতে অল এৰাউণ্ডত স্বৰ্ণজয়ৰ সৰ্বকালৰ অভিলেখ নাদিয়াৰ নামতেই চিৰস্থায়ী হৈ ৰ’ল৷ কাৰণ পৰৱৰ্তীকালত এই ইভেণ্টত যোগদানৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হয় ১৬ বছৰ৷
কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথা— নাদিয়াই অলিম্পিক জিমনাষ্টিকছত স্থাপন কৰিছিল এক নতুন মাপকাঠি৷
পৰৱৰ্তী ১৯৮০ৰ মস্কো অলিম্পিকতো দুবাৰকৈ পাৰ্ফেক্ট টেন লাভ কৰিবলৈ সক্ষম হৈছিল নাদিয়া৷ অষ্টাদশী নাদিয়াই মস্কোত লাভ কৰিছিল দুটা সোণ৷
বীম আৰু ফ্ল’ৰ এক্সাৰছাইজত স্বৰ্ণ পালেও নিজৰ প্ৰিয় আনইভেন বাৰত দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হৈছিল নাদিয়া৷
কিন্তু ৫টা সোণ সহ ৯টা অলিম্পিক পদক লাভ কৰা নাদিয়াৰ আচল দুৰ্ভাগ্য আৰু কৰুণ৷
মস্কো অলিম্পিকৰ পাছৰে পৰা আৰম্ভ হৈছিল এই কাহিনী৷
ৰোমানিয়াত তেতিয়া আছিল চেছেস্কুৰ একনায়কত্ববাদী শাসন৷ অষ্টাদশী বিশ্বখ্যাত নাদিয়াক বিবাহৰ বাবে উদগ্ৰীৱ হৈছিল চেছেস্কুৰ এটি পুত্ৰ৷ নাদিয়াৰ ওপৰত আৰম্ভ হৈছিল বিভিন্ন মানসিক নিৰ্যাতন৷ একপ্ৰকাৰ গৃহবন্দীৰ দিন কটাবলগীয়া হৈছিল বাৰ-বীম-ফ্ল’ৰত কবিতা ৰচা এই শিল্পীয়ে৷ পৰিণতিত অলিম্পিকৰ উপৰি অনেক ৱৰ্ল্ড মীটত সফলতা অৰ্জন কৰা নাদিয়াই বাধ্য হৈ বিদায় জনাইছিল ক্ৰীড়াংগনক৷ তাতে তেওঁৰ প্ৰশিক্ষকেও ইতিমধ্যে দেশ এৰি পলাই গৈছিল যুক্তৰাষ্ট্ৰলৈ৷
১৯৮৯ চন৷ সৌভাগ্যক্ৰমে হাংগেৰী হৈ দেশৰ পৰা পলাই যাবলৈ সক্ষম হয় নাদিয়া৷
অষ্ট্ৰিয়া হৈ যুক্তৰাষ্ট্ৰ পালেগৈ নাদিয়া কোমানেচি৷ তাতেই এদিন এটা অনুষ্ঠানত লগ পালে মণ্ট্ৰীল অলিম্পিকৰ পুৰুষৰ স্বৰ্ণজয়ী মাৰ্কিন জিমনাষ্ট বাৰ্ট কনাৰক৷
বাৰ্ট কনাৰে এখন ফটো দেখুৱাই দিলে নিজৰ পৰিচয়৷ সেয়া আছিল ১৯৭৬ৰ ফটো৷ কিশোৰী নাদিয়াক চুম্বন কৰিছিল স্বৰ্ণজয়ী মাৰ্কিন বাৰ্টে৷ মুহূৰ্তটো বন্দী হোৱা ফটোখন সযতনে ৰাখি থৈছিল কনাৰে৷ নতুনকৈ চিনাকিৰ পাছত বাৰ্টৰ সৈতে ঘনিষ্ঠতা, প্ৰেম আৰু অৱশেষত পৰিণয় হয় নাদিয়াৰ৷ দুয়োৰে এতিয়া সুখৰ সংসাৰ৷
সেয়া আন এক অধ্যায়৷
কিন্তু যি কথাই নাদিয়াক প্ৰত্যেক অলিম্পিকতে স্মৰণীয় কৰি ৰাখে, সেয়া হৈছে তেওঁৰ বিস্ময়কৰ ক্ৰীড়া নৈপুন্য৷ ৮ বছৰৰ পৰা নিৰন্তৰ সাধনাৰে ১৪ বছৰত অলিম্পিকৰ স্বৰ্ণজয় কৰাটো জানো মুখৰ কথা? অথচ তেতিয়াও নাদিয়া ইমানেই কৈশোৰ মনৰ গৰাকী আছিল যে স্বৰ্ণজয়ৰ সময়ত মনলৈ আহিছিল এটাই কথা— মোৰ এই সাফল্য মা-দেউতাই বাৰু দেখিলেনে?
মণ্ট্ৰীলৰ ফ্ল’ৰ আৰু বাৰ-বীমত শিল্পৰ সাধনা কৰাৰ সময়ত ৰোমানিয়াত পুৱাৰ ফেঁহুজালি দিবলৈও তিনি ঘণ্টামান বাকী আছিল৷
নাদিয়াৰ মাজেৰে কিন্তু ক্ৰীড়াক্ষেত্ৰতে ঘটিছিল ঊষাৰ হেঙুল-হাইতাল কিৰণৰ প্ৰৱেশ৷