August 7, 202 : ১৯৫২, হেলছিংকি অলিম্পিকৰ মহিলাৰ ৮০ মিটাৰ হাৰ্ডল৷
ফাইনেলত দৌৰিছে ৩৪ বছৰীয়া এক ডাচ্চ মহিলাই৷ ধীৰ গতিৰে আৰম্ভ কৰিও গতিবেগ ঠিকেই বৃদ্ধি কৰিছিল এই মহিলাই৷ এসময়ত সন্মুখত দুটা মাত্ৰ হাৰ্ডল৷ নিশ্চিত বিজয়ৰ হাতবাউল৷ তেনেতেই হাৰ্ডলত উজুটি মাৰি পৰি গ’ল এই ডাচ্চ নাৰী৷
১৯৯৯ চন৷ আন্তৰ্জাতিক এথলেটিকছ ফেডাৰেশ্যনৰ অনুষ্ঠান৷ মহান এথলীট কাৰ্ল লিৱিছৰ সৈতে বহি আছিল একেগৰাকী ডাচ্চ নাৰী৷ ৮২ বছৰীয়া শৰীৰত তেতিয়ালৈ প্ৰকট হৈছে বয়সৰ বলিৰেখা৷ মাইক্ৰফোনত ঘোষণা হ’ল, বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ মহিলা এথলীট হিচাপে বিবেচিত হৈছে এই নাৰী৷
১৯৫২ত ব্যৰ্থ হোৱা নাৰীগৰাকীয়ে ক্ষণিকলৈ নিজেও ধাৰণা কৰিব পৰা নাছিল— তেওঁ শুনিলে কি!
এই নাৰীগৰাকী ফেনী ব্লেংকাৰ্ছ-কুন৷
নাই—১৯৫২ চনৰ হেলছিংকি অলিম্পিকত ব্যৰ্থতাৰ বাবে ফেনী ব্লেংকাৰ্ছ-কুনক সন্মানীত কৰা হোৱা নাছিল৷ তেওঁক শতিকাৰ শ্ৰেষ্ঠ মহিলা এথলীট হিচাপে বিবেচিত কৰা হৈছিল বিশ্ব এথলীট মীটত কৰা অভিলেখৰ কাৰণে৷ ১৯৪৮ৰ লণ্ডন অলিম্পিকত কৰা প্ৰদৰ্শনৰ বাবে৷ অথচ সেই লণ্ডন অলিম্পিকৰ আৰম্ভণিতো কোনেও ভাবিব পৰা নাছিল নেদাৰলেণ্ডছৰ ৩০ বছৰীয়া নাৰীগৰাকীয়ে ৰচিব ইতিহাস৷
লণ্ডন অলিম্পিকত ফেনী ব্লেংকাৰ্ছ-কুনে লাভ কৰিছিল ‘উৰন্ত গৃহিনী’ বিশেষণ৷
বয়স ৩০ বছৰ, দুটা সন্তানৰ মাতৃ৷ শৰীৰত ক্ৰমাৎ প্ৰস্ফুটিত হৈছে তৃতীয় সন্তানৰ আগমণি বাৰ্তা৷ সেই অৱস্থাতো লণ্ডন অলিম্পিকত ফেনী ব্লেংকাৰ্ছ-কুন আছিল অদম্য৷ ১০০ মিটাৰ, ৮০ মিটাৰ হাৰ্ডলছ, ২০০ মিটাৰ, ৪ X ১০০ মিটাৰত স্বৰ্ণজয় কৰিছিল এই ডাচ্চ মহিলাই৷ এখন অলিম্পিক গেমছত ৪টাকৈ স্বৰ্ণজয়ী প্ৰথম নাৰীত পৰিগণিত হৈছিল ফেনী ব্লেংকাৰ্ছ-কুন৷
দৰাচলতে ফেনী ব্লেংকাৰ্ছ-কুন যি কাৰণত সদা নমস্য, সেয়া হৈছে তেওঁৰ মাজেৰেই অলিম্পিক তথা বিশ্ব ক্ৰীড়়াত ভংগ হৈছিল নাৰী সম্পৰ্কীয় চিৰাচৰিত ধাৰণা৷ যৌনতাৰ আহিলা হিচাপে থকা ধাৰণা তছনছ কৰি ফেনীয়ে প্ৰতিষ্ঠা কৰিছিল নাৰীৰ শক্তি-সামৰ্থ্য আৰু মনোবলৰ শ্ৰেষ্ঠত্ব৷
সেয়া কেনেকৈ?
১৯৩৬ চনৰ বাৰ্লিন অলিম্পিক গেমছতে প্ৰথম অংশ লৈছিল ফেনী ব্লেংকাৰ্ছ-কুনে৷ ১৯৩৬ৰ বাৰ্লিন আছিল জেছি অৱেনছৰ অলিম্পিক৷ নাজীৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্নৰ কালিমা সনা বাৰ্লিনত হিটলাৰৰ বাহিনীক চুঙা চাই সোপা দিছিল অৱেনছে৷ সেই অলিম্পিকত অষ্টাদশী ফেনীৰ নাছিল উল্লেখনীয় সফলতা৷
দ্বিতীয় বিশ্বযুদ্ধৰ বাবে বাতিল হৈছিল পৰৱৰ্তী দুয়োখন অলিম্পিক৷
মাজৰ এই সময়ছোৱাত বিবাহপাশত আবদ্ধ হৈছিল ফেনী৷ জন্ম দিছিল এটা এটাকৈ দুটি সন্তান৷ সকলোৱে ক’বলৈ লৈছিল—শেষ হ’ল ফেনীৰ ক্ৰীড়াৰ কেৰিয়াৰ৷
কিন্তু ফেনী আছিল অন্য ধাতুৰে গঢ়া৷
নিজক ক্ৰমান্বয়ে শক্তিশালী কৰিছিল ফেনীয়ে৷ ১৯৪২ৰ পৰা ১৯৪৪ৰ মাজত গঢ়িছিল ছটাকৈ বিশ্ব ৰেকৰ্ড৷ দ্বিতীয় সন্তান জন্মৰ দেৰমাহৰ পাছতে ইউৰোপীয় চেম্পিয়নশ্বিপত অৰ্জন কৰিছিল দুটাকৈ স্বৰ্ণ ৷ তথাপি বিবাহিতা, সন্তানৰ মাতৃ ফেনীয়ে অৱসৰ লওক—তাকেই কামনা কৰিছিল ডাচ্চ সংবাদ মাধ্যমে৷ অন্ততঃ লণ্ডনত ফেনী ব্লেংকাৰ্ছ-কুনে কিবা সফলতা লাভ কৰিব, তেনে আশা দেশখনতেই খুব বেছি লোকৰ নাছিল৷ আৰু তেনে মন্তব্য— সৰ্বোপৰি নাৰী সম্পৰ্কীয় প্ৰচলিত ধাৰণা নিজৰ অদম্য মনোবলেৰে চূড়মাৰ কৰি দিছিল ফেনীয়ে৷
লণ্ডন অলিম্পিকত ফেনীৰ জয়যাত্ৰা সেয়েহে সামগ্ৰিকভাৱে নাৰীৰ মানসিক সামৰ্থ্য আৰু অপৰাজেয় শৰীৰ শক্তিৰেই প্ৰকাশ৷
অথচ দুটাকৈ স্বৰ্ণজয়ৰ পাছত ভৰিৰ প্ৰচণ্ড বিষত জৰ্জৰ হৈ দুশ মিটাৰৰ দৌৰৰ পৰা নিজৰ নাম প্ৰত্যাহাৰেই কৰিব খুজিছিল ফেনীয়ে৷ স্বামীয়ে জনোৱা উৎসাহৰ বাবেহে সেই দৌৰত অংশ লৈ লাভ কৰিছিল স্বৰ্ণ৷ আৰু ৪০০ মিটাৰ ৰিলেত অন্তিম দৌৰৰ পূৰ্বে তেওঁ বেটন লাভ কৰিছিল চতুৰ্থ স্থানত৷ তাৰপৰাই আৰম্ভ কৰি ফেনীয়ে শেষ কৰিছিল প্ৰথম হৈ৷
সেইবাবেই ১৯৪৮ত তেওঁ লাভ কৰিছিল ফ্লাইং হাউছৱাইফ, অৰ্থাৎ উৰন্ত গৃহিনী বিশেষণ৷
১৯৫২ৰ হেলছিংকি অলিম্পিকত ভৰিৰ সমস্যাত ভূগিছিল এই ডাচ্চ নাৰী৷ অন্যথা কোনে জানে— ফেনী ব্লেংকাৰ্ছ-কুনে যে নগঢ়িলেহেঁতেন আন এক অনন্য কীৰ্তি!
আন্তৰ্জাতিক এথলেটিকছ ফেডাৰেশ্যনৰ সিদ্ধান্ত লোৱাত কোনো সমস্যাই হোৱা নাছিল৷ লণ্ডন অলিম্পিকৰ মাজেৰে উজলি উঠা ফেনী ব্লেংকাৰ্ছ-কুনেই বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ মহিলা এথলীট৷
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিয়ান : Fanny Blankers-Koen
The greatest Olympian of all times