সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অলিম্পিয়ান : Naim Suleymanoglu

The greatest Olympian of all times

0

August 8, 2024 : শিশুটি ওপজোঁতেই হাত-ভৰি চুটি৷ দেখাতেই খৰ্বকায়৷ সন্তানৰ প্ৰথম দৰ্শনতে উচপ খাই উঠিছিল জননী৷ তথাপি মাকৰ মন! ল’ৰাটিক সুঠামৰূপত গঢ়ি তোলাৰ বাবে যত্নৰ ত্ৰুটি নাছিল৷ কিন্তু ৩-৪ বছৰৰ পৰাই ল’ৰাটিৰ মাজত দেখা গ’ল ওজন দঙাৰ হাবিয়াস৷ মাকৰ মন উচাটন৷ এনেদৰে ওজন দাঙি থাকিলে জানোচা ল’ৰাটি ওখ নহয়! আৰু সেই শিশুটিয়েই পৰিগণিত হ’ল আধুনিক অলিম্পিকৰ সৰ্বশ্ৰেষ্ঠ ভাৰোত্তোলকত৷
নাম নঈম ছুলেইমানাগ্লু৷
বস্তু দঙাৰ সৈতে উচ্চতা বৃদ্ধি নোহোৱাৰ বৈজ্ঞানিক ব্যাখ্যা কিমান সেয়া অন্য প্ৰসংগ৷ ওজন দাঙি ভাল পোৱা শিশুটি কিন্তু চাপৰ হৈয়েই ৰ’ল৷
বাঢ়ি আছিল দাঙি থকা ওজনৰ পৰিমাণ৷ বাঢ়িছিল মনোবল, শৰীৰ-শক্তি৷
তাৰ আঁৰত হয়তো ক্ৰিয়া কৰিছিল আন কিছু কথাই৷
শিশুটি য’ত উপজিছিল, সেই দেশখন আছিল বুলগেৰিয়া৷ শিশুটি জাতত তুৰ্কী৷ দেউতাকৰ এটি সাধাৰণ চাকৰি৷ বুলগেৰিয়াত তেতিয়া তুৰস্কৰ লোক মানেই সমাজৰ অনাদৃত সম্প্ৰদায়৷ তাতে এই শিশুটি আছিল চাপৰ৷ শৰীৰৰ অৱয়বক লৈ চলিছিল সমনীয়াৰ নিৰন্তৰ ব্যংগ-বিদ্ৰুপ৷ ঠাট্টা-মস্কৰা চলিছিল শিশুটিৰ জাতিগত পৰিচয়ক লৈও৷ এই কথাবোৰে ক্ৰমাৎ জেদী কৰি তুলিছিল নঈমক৷
দাঙি থকা ওজন ক্ৰমান্বয়ে বঢ়াৰ যেন সেয়াই কাৰণ৷
নঈম ছুলেইমানাগ্লুৰ দহ বছৰ বয়সত আৰম্ভ হ’ল ভাৰোত্তোলনৰ আনুষ্ঠানিক প্ৰশিক্ষণ৷ তেতিয়ালৈ মাকেও বুজি উঠিছিল এই সন্তানৰ আগমনৰ আঁৰত ক’ৰবাত আছে বিশেষ উদ্দেশ্য৷ আৰু প্ৰশিক্ষণ গ্ৰহণত ইমানেই নিমগ্ন হৈছিল নঈম যে ১৫ বছৰতে আৰম্ভ হ’ল পদক জিনা, বিশ্ব অভিলেখ ভঙাৰ অভিযান৷ ১৬ বছৰতে মস্কোৰ বিশ্ব চেম্পিয়নশ্বিপত বুলগেৰিয়াৰ হৈ পদকো জয় কৰিলে এই বিস্ময় বালকে৷
বালকেই হয়—কাৰণ তেতিয়া তেওঁৰ বয়স মাথোঁ ১৬ বছৰ৷
অথচ পৰৱৰ্তী বছৰটোতে হোৱা লছ এঞ্জেলেছ অলিম্পিকত ভাগ ল’ব নোৱাৰিলে নঈমে৷ কিয়নো ৰাজনৈতিক কাৰণত বুলগেৰিয়াই বৰ্জন কৰিছিল ১৯৮৪ৰ লছ এঞ্জেলেছ অলিম্পিক৷
কিন্তু ১৯৮৮ৰ ছিউল অলিম্পিকতো নঈমে অংশ লোৱাক লৈ সৃষ্টি হৈছিল আন এক অনিশ্চয়তাৰ৷ তাৰ কাৰণ অৱশ্যেই সাংস্কৃতিক আৰু ৰাজনৈতিক৷
বুলগেৰিয়াত তেতিয়া কমিউনিষ্টৰ শাসন৷ ১৯৮৪ৰ অলিম্পিকৰ পাছত দেশখনৰ চৰকাৰে সংখ্যালঘু তুৰ্কীসকলক বাধ্য কৰিছিল বুলগেৰিয়ান উপাধি ল’বলৈ৷ জাত্যাভিমানী নঈমক ক্ষুণ্ণ কৰিছিল এই কথাই৷ মনে মনে লৈছিল দেশৰ পৰা পলায়নৰ সিদ্ধান্ত৷
১৯৮৬চন : মেলব’ৰ্ণত অনুষ্ঠিত হৈছিল ৱৰ্ল্ড কাপ টুৰ্ণামেণ্ট৷ এই মেলবৰ্ণৰ পৰাই সুযোগ বুজি বুলগেৰিয়া এৰি তুৰস্ক পালেগৈ নঈম ছুলেইমানাগ্লু৷ ক্ষুব্ধ বুলগেৰিয়াই নঈম ছুলেইমানাগ্লুৰ বিৰুদ্ধে আৰোপ কৰিলে তিনি বছৰীয়া নিষেধাজ্ঞা৷ তেন্তে অলিম্পিকত পদাৰ্পণৰ আশা দুৰাশা হ’ব নেকি? আগুৱাই আহিল তুৰস্কৰ চৰকাৰ৷ দেশখনৰ নতুন নাগৰিকজনৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ বাবে তুৰস্কই বুলগেৰিয়া চৰকাৰ দিলে ১ নিযুত ডলাৰৰো অধিক ধন৷
১৯৮৮ৰ ছিউল অলিম্পিকত ৬০ কেজি ওজন শাখাত অংশগ্ৰহণ কৰি নঈমে দাঙিছিল স্নেট্ছত ১৫২.৫ কেজি, ক্লীন এণ্ড জাৰ্কত ১৯০ কেজি৷ নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ৩০ কিলোগ্ৰামৰ ব্যৱধানেৰে সেয়া আছিল বিশ্ব অভিলেখ৷
১৯৯২ৰ বাৰ্চিলোনা অলিম্পিকতো স্বৰ্ণজয় কৰিলে নঈমে৷
১৯৯৬ৰ আটলাণ্টা অলিম্পিকত ৬৪ কিলোগ্ৰাম শাখাত অংশগ্ৰহণ কৰি নঈমে তুলিছিল মুঠ ৩৩৫ কিলো ওজন৷ সেইবাৰ গ্ৰীচৰ ভেলেৰিঅ’ছ লিঅ’নিডিছৰ সৈতে তুমুল প্ৰতিদ্বন্দ্বিতাত ছবাৰকৈ ভাগিছিল বিশ্ব ৰেকৰ্ড৷ অৱশেষত ৪ ফুট ১১ ইঞ্চিৰ ৬৪ কিলো ওজনৰ নঈমৰেই স্বৰ্ণজয় হৈছিল আটলাণ্টাত৷ সেয়াই ক্ৰমাগত তিনিখন অলিম্পিকত কোনো ভাৰোত্তোলকৰ প্ৰথম স্বৰ্ণজয়৷
আমোদজনক কথাটো হ’ল ১৯৯১ চনত বাৰ্চিলোনা অলিম্পিকৰ পূৰ্বেই অৱসৰৰ সিদ্ধান্ত লৈছিল নঈমে৷ পাছত প্ৰত্যাৱৰ্তন নকৰাহ’লে বিশ্বই নেদেখিলেহেঁতেন মানুহ হাৰ্কিউলিছ হোৱাৰ কাহিনী৷
সেইবাবেই তিনিখন অলিম্পিকত সফলতাৰে কাললৈ অভিনৱ কীৰ্তি স্থাপন কৰা নঈমৰ নতুন নাম হৈছিল ’দ্য পকেট হাৰ্কিউলিছ’৷
হাৰ্কিউলিছটো উপাখ্যানৰ নায়ক—কিন্তু জিউছৰ পুত্ৰৰ কল্প-সংগ্ৰামতকৈ কিহত কম অলিম্পিকৰ এই নায়কৰ কৃতিত্ব?
নঈমৰ কাহিনী সৰ্বতিকালৰ লোকক উদ্দীপনা যোগোৱাৰ কাহিনী৷ কাৰণ এয়া যে নিজৰ সীমাৱদ্ধতাক অতিক্ৰম কৰাৰেই জীৱন৷