ইমান ৰূপৱতী খেলুৱৈ থাকিব পাৰে!
অলিম্পিক ভিলেজৰ পৰা বাহিৰ কৰি দিয়া হ’ল এই ধুনীয়া খেলুৱৈক৷ বাতৰি ওলাইছে— এই অনিন্দ্য সুন্দৰী সাঁতোৰবিদক পেৰিছৰ পৰা ওভতাই পঠিওৱা হৈছে দেশলৈ৷ তেওঁৰ ৰূপৰ চমক সহ্য কৰিব পৰা নাই অলিম্পিক ভিলেজৰ সহ-খেলুৱৈয়ে৷ আৰু সেইবাবেই দেশলৈ উভতিবলগীয়া হৈছে এই লাৱন্যময়ীয়ে৷
ধুনীয়া খেলুৱৈ বহু দেখিছে, লুৱানা এল’ঞ্চ’ কিন্তু এগৰাকীয়েই৷ পাৰাগুৱেৰ খেলুৱৈ লুৱানা৷ যোৱা ১৯ মাৰ্চত বিশ বছৰ গৰকিছে মাত্ৰ৷ ৫ ফুট ৭ ইঞ্চিৰ এই তন্বী ৰমণীৰ নিৰ্মেদ দেহবল্লৰীৰ সৈতে শোভন মুখমণ্ডলৰ কান্তিৰ কি এক অবিশ্বাস্য সমীকৰণ! লুৱানাক স্ৰজিবলৈ সৃষ্টিকৰ্তাই লৈছিল নেকি অতিৰিক্ত সময়?
কালিদাস থকাহ’লেও কলম তুলি থ’লেহেঁতেন৷ আজিৰ লুৱানাৰ ৰূপশোভাৰ বৰ্ণনা দিবলৈ প্ৰকাশ কৰিলেহেঁতেন নিজৰ অক্ষমতা৷ সেই হেন মনোহৰিত্বৰ গৰাকীয়ে শত পুৰুষৰ চিত্ত চঞ্চল কৰিব, তাত আচৰিত হ’বলগীয়ানো থাকে কি! সেইটোৱেই হ’ল কাল…
হেলেনৰ বাবে হেনো ধ্বংস হৈছিল তাহানিৰ ট্ৰয়৷ পাৰাগুৱেৰ এই সদ্য-বিশোত্তীৰ্ণ ৰমণীৰ ৰূপ-লাৱণ্যত বিধ্বস্ত হ’বলৈ ওলাইছিল পেৰিছৰ অলিম্পিক৷ মৌৰাণী লুৱানাত আৱৰ্তিত হ’বলৈ লৈছিল অনেক প্ৰেমাকুল ব্যাকুল এথলীট৷ পাৰাগুৱেৰ হৈ এশ মিটাৰ বাটাৰফ্লাইত যোগ দিবলৈ পেৰিছলৈ গৈছিল লুৱানা এল’ঞ্চ’৷
ছেমি ফাইনেলৰ পূৰ্বেই অভিযান সামৰিছিল লুৱানাই৷ অলিম্পিকৰ নিয়ম মতে ফাইনেলত উপনীত নহ’লেও থাকিব পাৰে অলিম্পিক ভিলেজত৷ কিন্তু লুৱানাৰ বাবে মানি লোৱা নহ’ল এই নিয়ম৷ লুৱানাৰ শ্ৰীকান্তি দৰ্শনে ৰন্ধ্ৰে ৰন্ধ্ৰে শিহৰণ তোলা মুগ্ধ খেলুৱৈকুলৰ উজাগৰী নিশাই ক্ৰমাৎ তেওঁলোকৰ দক্ষতা আৰু প্ৰদৰ্শনতে পেলাবলৈ ল’লে নেতিবাচক প্ৰভাৱ৷ অভিযোগ উঠিছিল, ৰূপৰ এই জুইকুৰা বেশ-ভূষা আৰু চলন-ফুৰণতো আছিল উদাৰ-মুক্ত মনা৷ এক কথাত পাৰাগুৱেৰ টীম মেনেজমেণ্টক আতংকিত কৰি তুলিছিল লুৱানাৰ চাল-চলনে৷ পৰিনতিত টোপোলা বান্ধি ঘৰলৈ উভতিবলৈ বাধ্য হ’ল ঘৰৰ ছোৱালী৷
এথলীট আৰু ক্ৰীড়ামোদীৰ বাবে আন এটা দুখৰ খবৰ৷ এনেদৰে ঘৰলৈ উভতিবলগীয়া হোৱা লুৱানা এল’ঞ্চ’ই বিদায় জনাইছে ক্ৰীড়াংগনক৷ এৰা—বিশ বছৰতে লুৱানাই সামৰিলে খেলুৱৈ জীৱন৷