August 8, 2024 : দেশত উপস্থিত হৈ দিয়া প্ৰথম বক্তৃতাতেই আৱেগিক হ’ল নোবেলজয়ী মহম্মদ ইউনুছ৷ ছাত্ৰসমাজৰ বাবেই এয়া সম্ভৱ হৈছে বুলি মন্তব্য কৰি কয় যে এয়া দ্বিতীয় স্বাধীনতা৷ এই স্বাধীনতা আমি ৰক্ষা কৰিবই লাগিব৷ ভয়ংকৰ অস্থিৰতাৰ মাজত থকা বাংলাদেশত শান্তি-শৃংখলা ওভতাই অনাটোৱেই প্ৰথম কাম হ’ব বুলিও মন্তব্য কৰিছে ইউনুছে৷ যি তৰুণ সমাজে বাংলাদেশক ৰক্ষা কৰিছে, সেই তৰুণ সমাজলৈ কৃতজ্ঞতা প্ৰকাশো কৰিছে ইউনুছে৷ বৃহস্পতিবাৰে দুপৰীয়া ফ্ৰাঞ্চৰ পৰা আহি ঢাকাত উপস্থিত হয় অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বীগৰাকী৷ তেওঁক বিমান বন্দৰত আদৰণী জনায় সেনা প্ৰধানে৷ তাতেই সাংবাদিকৰ সৈতে কৰিছিল বাংলাদেশৰ পৰিৱৰ্তনকামী ছাত্ৰ সমাজৰ আস্থাৰ ব্যক্তিজনে কৰিছিল সংক্ষিপ্ত আলাপ৷ তেওঁ কয়—প্ৰতিজন ব্যক্তিৰ ওচৰলৈ এই পৰিৱৰ্তনৰ সুফল লৈ যাব লাগিব৷
বাংলাদেশত উপস্থিত হৈয়েই মহম্মদ ইউনুছৰ আৱেগিক মন্তব্য
Nobel laureate Muhammad Yunus's emotional remarks upon reaching Bangladesh.