দেশৰ পৰাই হৈছিল ৱিনেশ বিৰোধী ষড়যন্ত্ৰ?

Vinesh Phogat Disqualified

0

সৌৰভ বৰা : ফোগটৰ হৃদয়বিদাৰক অলিম্পিক অভিযানৰ পাছত তেওঁৰ এই দশাৰ বাবে উত্থাপিত হৈছে দুটা তত্ত্ব৷ এটা চক্ৰান্তৰ আৰু আনটো ছাপৰ্ট ষ্টাফৰ ভুলৰ। চক্ৰান্তৰ গুৰিও আকৌ ভাৰততে থকা বুলি উঠিছে বিস্ফোৰক অভিযোগ।


একেসময়তে ফোগাটৰ ছাপৰ্ট ষ্টাফৰ ষড়যন্ত্ৰৰ আশংকাও নুই কৰা হোৱা নাই। কিয়নো, তেওঁলোক প্ৰত্যেকেই ফোগাটৰ ঘোৰ শত্ৰু ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ আজ্ঞাবাহী কৰ্মকৰ্তা মাথোঁ। উল্লেখযোগ্য যে প্ৰতিযোগিতাখন অলিম্পিক হ’লেও ইয়াৰ এখনো খেল অলিম্পিক কমিটীয়ে পৰিচালনা নকৰে। অলিম্পিক কমিটীৰ অধীনত খেলসমূহ পৰিচালনা কৰে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ কৰ্মকৰ্তাই। প্ৰত্যেক খেলৰে ৰেফাৰী, আম্পায়াৰ, স্ক’ৰাৰ, জাজ, জুৰী আনকি ওজন জোখা কাৰিকৰী কৰ্মকৰ্তাও হয় বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় ফেডাৰেচনৰ। নিয়মিতভাৱে একেলগে খেল পৰিচালনা কৰি থকাৰ ফলত সকলোৰে মাজত থাকে সুসম্পৰ্ক। স্বাভাৱিকতেই ৰাষ্ট্ৰীয় ফেডাৰেচনৰ শীৰ্ষ বিষয়ববীয়াৰ তেনে কৰ্মকৰ্তাৰ ওপৰত থাকে গভীৰ প্ৰভাৱ।


ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙত ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ গুৰুত্ব আৰু প্ৰভাৱো যথেষ্ট৷ যিদৰে আইচিচিত আছে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ প্ৰভাৱ। এনে পৰিপেক্ষিততে ফোগাটৰ বিৰুদ্ধে দেশৰ ফেডাৰেচনৰ পৰাই চক্ৰান্ত হোৱাৰ সন্দেহ ঘনীভূত হৈছে। কিয়নো ফোগাটৰ সৈতে ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ আছে ভয়ংকৰ শত্ৰুতা। ফোগাট আৰু সতীৰ্থৰ আন্দোলনৰ বাবেই ব্ৰীজভূষণ চৰণ সিঙে এৰিবলগীয়া হৈছিল ফেডাৰেচনৰ ৰাজপাট।


৭ বাৰৰ বিজেপি আৰু ৮ বাৰৰ সাংসদ ব্ৰীজভূষণ উত্তৰ প্ৰদেশৰ প্ৰভাৱশালী ব্ৰাহ্মণ নেতা। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই যৌন নিৰ্যাতনৰ প্ৰামাণ্য অভিযোগ সত্ত্বেও গ্ৰেপ্তাৰ হোৱাৰ পৰা ৰক্ষা পৰিছিল ব্ৰীজভূষণ। এতিয়া ফেডাৰেচনৰ ৰাজপাটত ব্ৰীজভূষণৰ বাধ্য ছাত্ৰ সঞ্জয় সিং। বিজেপি চৰকাৰৰ লগতে তেওঁলোকৰ এজনেও পাহৰা নাই ফোগাটৰ আন্দোলন।

মল্লযোদ্ধাৰ আন্দোলনত উন্মোচিত হৈছিল ব্ৰীজভূষণৰ কলংক আৰু তেওঁৰ সৈতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অশুভ সম্পৰ্ক। সেয়েহে দেশৰ পৰাই ফোগাটৰ বিৰুদ্ধে ফাইনেলৰ পূৰ্বে ষড়যন্ত্ৰৰ সন্দেহ কৰিছে বহু তাৰকা ক্ৰীড়াবিদে। ফোগাটক চক্ৰান্ত কৰি তেওঁৰ ‘পেট ইভেণ্ট’ ৫৩ কেজি শাখাত ফেডাৰেচনে খেলিবলৈ নিদিয়াৰ কলংক এতিয়া মুকলি অধ্যায়। এনেস্থলত দেশৰ পৰা দিয়া এটা সামান্য নিৰ্দেশত ফোগাটৰ অলিম্পিক স্বপ্ন থানবান হৈ যোৱাটো অসম্ভৱ নহয়। ফেডাৰেচনৰ নিয়ন্ত্ৰণ ছাপৰ্ট ষ্টাফ পৰ্যন্ত থাকিব পাৰে৷ ছাপৰ্ট ষ্টাফে প্ৰথম তিনিখন মেচৰ ওজনৰ পাছত ফোগাটক যোগান ধৰা শক্তিবৰ্ধক খাদ্যৰ জৰিয়তেও ওজন বৃদ্ধি হ’ব পাৰে৷

পেৰিছৰ পূৰ্বে অলিম্পিকত এখন প্ৰতিযোগিতাত এবাৰেই ওজন লোৱাৰ নিয়ম আছিল৷ সেয়েহে ‘ৱেই ইন’ৰ পাছত ৰেষ্টলাৰে ইচ্ছামতে খাব পাৰিছিল। পেৰিছ অলিম্পিকত প্ৰত্যেকদিনাৰ মেচৰ বাবে ওজন লোৱাত সেই সুবিধা নাথাকিল।

প্ৰকৃত ৫০ কেজি বা তাৰ অনূৰ্ধ খেলুৱৈৰ বিপৰীতে ৫৩ কেজিৰ ফোগাটৰ ওজন ধৰি ৰখাত জটিলতা বেছি। তাতে কাৰোবাৰ অদৃশ্য নিৰ্দেশত ফোগাটৰ কোনো ছাপৰ্ট ষ্টাফে খাদ্য প্ৰদানত চক্ৰান্ত কৰাৰো শংকা নোহোৱা নহয়৷
অৱশ্যে এই সত্য কেতিয়াও প্ৰকাশ পোৱাৰ সম্ভাৱনা নাই।

এই ষড়যন্ত্ৰৰ সামান্য উমান পাব পাৰে খেলুৱৈজনে। তেনে শংকা প্ৰকাশ কৰি পূৰ্বেই টুইট কৰিছিল ৱিনেশ ফোগটে৷ দুৰ্ভাগ্যজনক কথাটো হ’ল প্ৰতিযোগিতাৰ কৰ্মকৰ্তাৰ ওচৰত সকলো কাৰিকৰী দিশত এজন খেলুৱৈ অসহায়। তেওঁৰ ক্ষমতা নিজৰ খেলৰ প্ৰদৰ্শনতে থাকে সীমাবদ্ধ।