August 8, 2024 : ভাৰত সীমান্তত আতংকময় পৰিৱেশ ৷
অনুপ্ৰৱেশৰ চেষ্টা হাজাৰ হাজাৰ বাংলাদেশীৰ ৷
পশ্চিমবংগৰ মানিকগঞ্জ সাতকুৰা সীমান্তলৈ সোঁত বৈছে ভীত বাংলাদেশীৰ ৷ নিজ দেশত আশ্ৰয় হেৰুওৱা হাজাৰ হাজাৰ লোকে প্ৰৱেশ কৰিব বিচাৰিছে ভাৰতত ৷ সাতকুৰা সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰাৰ সিপাৰে বাহৰ পাতি আছে এইসকল বাংলাদেশীয়ে ৷ সময় আগবঢ়াৰ লগে লগে সীমান্তত বাঢ়িছে বাংলাদেশীৰো ভিৰ ৷ এইসকল লোকৰ এতিয়া একমাত্ৰ লক্ষ্য হৈ পৰিছে যিকোনো প্ৰকাৰে ভাৰতত প্ৰৱেশ কৰা ৷ সমান্তৰালভাৱে বাংলাদেশীৰ অনুপ্ৰৱেশ ৰোধৰ বাবে সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা BSF-য়ে অৱলম্বন কৰিছে ব্যাপক সতৰ্কতা ৷ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰি বৃদ্ধি কৰিছে নিৰাপত্তা ৷ কিন্তু ইয়াৰ পিছতো যিকোনো মুহূৰ্ততে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ শংকা দূৰ হোৱা নাই ৷
কোটা আন্দোলনৰ পৰিণতিত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰি নতুন দিল্লীত আশ্ৰয় লোৱাৰ পিছৰে পৰাই বাংলাদেশত সৃষ্টি হৈছে অৰাজক পৰিস্থিতিৰ ৷ দেশখনত আক্ৰমণ চলিছে সংখ্যালঘু হিন্দুৰ ওপৰত ৷ জ্বলাই দিয়া হৈছে ঘৰ-দুৱাৰ ৷ চলিছে নিৰ্যাতন ৷ সেনায়ো লোৱা নাই কোনো ব্যৱস্থা৷ সেয়ে এতিয়া আতংকিত এইসকলক লাগে এক নিৰাপদ আশ্ৰয় ৷ তেওঁলোকৰ দৃষ্টিত ভাৰতেই হৈছে সেই ঠাই ৷ সেয়ে সীমান্তলৈ সোঁত বৈছে এইসকল লোকৰ ৷