বিনেশ ফোগটৰ ছাপৰ্টিং ষ্টাফে কৰিব নোৱাৰা কাম কৰি দেখুৱালে অমন শ্বেৰাৱটৰ ছাপৰ্টিং ষ্টাফে৷ হয়, ভাৰতৰ অমন শ্বেৰাৱতে পেৰিছ অলিম্পিকৰ পৰা পদকো অনাই নহয়, হেলাৰঙে জয় কৰিলে ওজনৰো কঠোৰ নিয়ম । মাত্ৰ দুদিনৰ পূৰ্বে ৱিনেশ ফোগটৰ ক্ষেত্ৰত দেশক ম্ৰীয়মান কৰি তোলা ওজন বৃদ্ধিৰ যি দুৰ্ভাগ্যজনক ঘটনা ঘটিছিল, তাৰ পুনৰাবৃত্তি হ’বলৈ নিদিলে মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদক বিজয়ী অমন আৰু তেওঁৰ ছাপৰ্ট ষ্টাফে।
অথচ অমনৰ ক্ষেত্ৰতো ঘণীভূত হৈছিল ফোগটৰ দৰে ওজন বৃদ্ধিৰ ঘটনাৰ শংকা৷ কাৰণ ব্ৰঞ্জৰ পদকৰ মেচৰ পূৰ্বে অমনৰ ওজন বাঢ়ি হৈছিল ৬১.৫ কেজি। অথচ অমনে খেলে ৫৭ কেজি শাখাত। তেন্তে কিয় এনে হ’ল?
দৰাচলতে এদিনৰ ব্যৱধানত এনেদৰে ওজন বঢ়াটো আচৰিত ঘটনা নহয়। কাৰণ প্ৰাৰম্ভিক ৰাউণ্ডৰ মেচৰ পূৰ্বে ওজন লোৱাৰ পাছত শক্তি আহৰণৰ বাবে মল্লযোদ্ধাক যথেষ্ট পৰিমাণে খাবলৈ দিয়া হয় শক্তিবৰ্ধক খাদ্য৷ অমনৰ ক্ষেত্ৰতো একেটাই হৈছিল। ব্ৰঞ্জৰ পদকৰ মেচৰ পূৰ্বে বাঢ়ি গৈছিল ৪.৫ কেজি ওজন। হাতত সময় আছিল ১০ ঘণ্টা। কিন্ত সেই ওজন নিশা ১০ ঘণ্টাৰ ভিতৰত দেহৰ পৰা জোকাৰি আঁতৰাই পেলালে অমনে।
প্ৰশিক্ষক জগমন্দৰ সিং আৰু বীৰেন্দ্ৰ দাহিয়াৰ সৈতে ওৰেনিশা স্কিপিং মাৰি, চাইক্লিং কৰি শৰীৰৰ পৰা অতিৰিক্ত পানী ঘামৰ জৰিয়তে উলিয়াই পেলালে অমনে। ফলত ব্ৰঞ্জৰ পদকৰ বাবে যুঁজৰ আগদিনা সন্ধিয়া ‘ৱেই-ইন’ত আকৌ ৫৭ কেজি হৈ পৰিল অমন। ১০ ঘণ্টাত ৪.৫ কেজি ওজন কমোৱাৰ পাছত দুৰ্বল হৈ পৰা শৰীৰেৰে অলিম্পিকৰ দৰে প্ৰতিযোগিতাত মল্লযুদ্ধ কৰাটো নিশ্চয় মুখৰ কথা নহয়। কিন্ত অমনে মল্লযুদ্ধ কৰাই নহয়, প্ৰতিপক্ষক মেটত বগৰাই ভাৰতক দিলে এটা বহু ঈপ্সিত পদক।