বাপেকৰ নাম ভাৰ্গিলিজুছ এলেংকা৷ ২০০৪ চনৰ অলিম্পিকৰ ডিছকাছ থ্ৰ’ত—অৰ্থাৎ কাঁহী দলিওৱাত অলিম্পিক অভিলেখ গঢ়ি স্বৰ্ণ পদক লাভ কৰিছিল ভাৰ্গিলিজুছে৷ সেই সময়ত ডিছকাছ থ্ৰ’ত এক নিৰ্ভৰযোগ্য নাম আছিল ভাৰ্গিলিজুছ৷ ২০ বছৰৰ পাছত পেৰিছ অলিম্পিকত ভাৰ্গিলিজুছৰ অভিলেখ ভংগ কৰিলে মাইকোলাছ এলেংকাই৷
ভাৰ্গিলিজুছে অভিলেখ গঢ়াৰ সময়ত মাইকোলাছ আছিল দেৰ বছৰীয়া শিশু৷ সম্পৰ্কত ভাৰ্গিলিজুছৰ সন্তান মাইকোলাছ৷ দেউতাকৰ প্ৰেৰণাত মাইকোলাছো এজন দক্ষ ডিছকাছ থ্ৰ’ৱাৰ৷ সম্প্ৰতি ডিছকাছ থ্ৰ’ৰ বিশ্ব অভিলেখো আছে সৰুজন এলেংকাৰ নামত৷ লিথুৱানিয়াৰ এই একৈশ বছৰীয়া এথলীটে অৱশ্যে অলিম্পিকত গঢ়া নতুন অভিলেখ
বেছি পৰলৈ নাথাকিল৷ জামাইকাৰ ৰোজে ষ্টনাই মাইকোলাছৰ অভিলেখ ভংগ কৰি লাভ কৰে স্বৰ্ণ৷ দেউতাকক অতিক্ৰম কৰিলেও অলিম্পিকত ৰূপতেই সন্তুষ্ট থাকিল মাইকোলাছ৷ অৱশ্যে তেওঁৰ বিশ্ব অভিলেখৰ দূৰত্ব অলিম্পিক অভিলেখৰ দূৰত্বতকৈ বেছি৷