বলীউডৰ অভিনেতাৰ বিৰুদ্ধে কিয় সৰব হৈছে জন আব্ৰাহম?

John Abraham on Pan Masala Ads

0
John Abraham

বহু নাৰীৰ বাবে তেওঁ এতিয়াও স্বপ্নপুৰুষ৷ ফিটনেছত সদায় গুৰুত্ব দি আহিছে এই অভিনেতাই৷ বয়সে পঞ্চাশ বছৰ অতিক্ৰম কৰাৰ পাছতো সেয়েহে বলিউডৰ হটষ্টাৰৰূপেই গণ্য কৰা হৈ আহিছে জন আব্ৰাহমক৷ শেহতীয়া এক সাক্ষাৎকাৰত এইজন অভিনেতাই নাম নোলোৱাকৈয়ে সমালোচনা কৰিলে বহু অভিনেতাক৷ তেওঁৰ সমালোচনাৰ চোক ইমানেই প্ৰবল যে সেই কথাই বহুতৰে মন চুইছে৷

২০০৩ চনৰ জিছ্ম ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰা জন আব্ৰাহমে অভিনয়শিল্পী হিচাপে লাভ কৰিছে যথেষ্ট সুনাম৷ চাৰি বাৰৰ ফিল্ম ফেয়াৰ এৱাৰ্ডৰ নমিনশ্যন পোৱা আব্ৰাহমে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছে৷ ২০১২ চনৰ পৰা ফিল্ম প্ৰডিউচাৰ হিচাপেও ব্যস্ত হৈ আহিছে এই অভিনেতা৷ কিন্তু তেওঁৰ এনে কি হ’ল যে বলিউডৰ অনেক অভিনেতাক সমালোচনাত জড়িত হ’বলগীয়াত পৰিল?

জন আব্ৰাহমৰ কথা হ’ল—ফিটনেছক গুৰুত্ব দিয়া অভিনেতাই কিদৰে মৃত্যুৰ বিজ্ঞাপন দিব পাৰে? আব্ৰাহমৰ স্পষ্ট কথা, ধঁপাতে মানুহক থেলি দিয়ে মৃত্যুৰ মুখলৈ৷ কিন্তু টকাৰ বাবেই এনে ধৰণৰ সামগ্ৰীৰ বিজ্ঞাপন দিয়ে অনেক অভিনেতাই৷ আব্ৰাহমৰ মতে, একেসময়তে আপুনি ফিটনেছত গুৰুত্ব দি মৃত্যুৰ মুখলৈ থেলি দিয়া সামগ্ৰীৰ বিজ্ঞাপন দিব নোৱাৰে৷ দুই ধৰণৰ বিপৰীত কথা কোৱা কাৰো পক্ষে উচিত নহয়৷ আব্ৰাহমৰ মতে এনে বিজ্ঞাপনৰ বাবেই ধঁপাতজাতীয় সামগ্ৰীৰ উপাৰ্জন বাঢ়িছে ৪৫ হাজাৰ কোটি টকালৈ৷

প্ৰকাৰান্তৰে বলিউডৰ বহু অভিনেতাই ধঁপাতৰ বিক্ৰীত সহযোগ কৰিছে বুলি নাম নোলোৱাকৈয়ে সমালোচনা কৰিলে অভিনেতাজনে৷ কিন্তু তেওঁ স্পষ্ট কৰি দিছে যে এনে সামগ্ৰীৰ বিক্ৰী বৃদ্ধি কৰাত তেওঁ কেতিয়াও সহযোগ নকৰে৷ জন আব্ৰাহমৰ মন্তব্যই সেয়েহে মন চুইছে বহুতৰে৷